লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণত কেন্দ্ৰৰ অনুমোদন !

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণত কেন্দ্ৰৰ অনুমোদন !

August 19, 2020 0 By NEWS DESK

ব্যক্তিগত খণ্ডলৈ যাব গুৱাহাটী বিমানবন্দৰ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হয় গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত।

গুৱাহাটীকে ধৰি দেশৰ মুঠ ৬টা বিমান বন্দৰ ব্যক্তিগতকৰণ কৰাত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।

আদানি গ্ৰুপৰ হাতলৈ এই বিমান বন্দৰ কেইটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ।

অপাৰেশ্যন, মেনেজমেন্ট আৰু ডেভল’পমেন্ট এই আটাইকেইটা বিভাগ চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ।

গুৱাহাটী বিমানবন্দৰৰ সমান্তৰালকৈ জয়পুৰ, তিৰুৱন্তপুৰম, লক্ষ্ণৌ, আহমেদাবাদ, মংগালুৰু বিমানবন্দৰো যাব ব্যক্তিগত খণ্ডলৈ।

উল্লেখ্য যে, ২০১৯চনৰ ফেব্ৰুৱাৰীত এই বিমান বন্দৰ কেইটা ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে।