Site icon NEWS8 NE

শক্তিশালী IED বিস্ফােৰণত কঁপি উঠিল শ্বিলং, CCTV কেমেৰাত বন্দী বিস্ফােৰণৰ দৃশ্য

নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ মাজত মাত্ৰ ৪ দিন থকাৰ মাজতে এক শক্তিশালী বিস্ফােৰণত কঁপি উঠিল অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং।

মঙ্গলবাৰে দিনৰ প্ৰায় ১ঃ৩০ বজাত সংঘটিত হয় এক শক্তিশালী IED বিস্ফোৰণ।

ৰাজধানী শ্বিলঙৰ লাইটুমখ্ৰা অঞ্চলত এই বিস্ফােৰণ সংঘটিত কৰে সন্দেহজনক HNLC উগ্ৰপন্থীয়ে।

এই বিস্ফোৰণৰ ফলত আহত হৈছে এগৰাকী মহিলাসহ ২জন লোক।

আহত মহিলাগৰাকীক স্থানীয় নাজাৰেথ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই বিস্ফোৰণৰ প্ৰচণ্ড শব্দৰ ফলত কাষৰীয়া অঞ্চলত থকা বহু কইটা ঘৰৰ খিৰীকিৰ আইনা ভাঙি যায় বুলি জানিব পৰা গৈছে।

ইতিমধ্যে, বিস্ফোৰণস্থলীত মেঘালয় আৰক্ষী আৰু উচ্চ পদস্থ বিষয়াই উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই টুইট কৰি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

তেওঁ কয় যে এই ঘটনাৰ উচিত তদন্ত কৰি দােষীক অচিৰেই চিনাক্ত কৰি বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে ৰাজ্যখনৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন HNLC য়ে ইতিমধ্যে এই বিস্ফােৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।

সংগঠনটােৱে বিস্ফােৰণত মানুহ আহত হােৱাত দুখ প্ৰকাশ কৰাৰ লগতে স্বাধীনতা দিৱস উদযাপনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

Exit mobile version