শনিবাৰে ১০ ঘন্টীয়া অসম বন্ধ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে!

শনিবাৰে ১০ ঘন্টীয়া অসম বন্ধ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে!

October 8, 2020 0 By NEWS DESK

শনিবাৰে ১০ ঘন্টীয়া অসম বন্ধ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে।

কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত শনিবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈকে মুঠ ১০ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক প্ৰদীপ ডেকাই কয়, ‘ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৭৫ লাখ। এই জনগোষ্ঠীটোৱে বিগত চাৰিটা দশক ধৰি জনগোষ্ঠীটোৰ দুখ-দুৰ্গতি আৰু বিভিন্ন সমস্যাৰ কথা অসমৰ প্ৰতিখন চৰকাৰকে অৱগত কৰি আহিছে। কিন্ত আজিলৈকে কোনো এখন চৰকাৰে অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠীটোৰ সমস্যাৰাজিক অনুধাৱন নকৰিলে। ফলত জনগোষ্ঠীটোৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰল।’

সংগঠনটোৱে আহ্বান জনোৱা এই বন্ধৰ মূল দাবীসমূহ ক্ৰমে ‘কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰা, প্ৰাগজ্যোতিষপুৰ নামৰে কলিতা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, কলিতা উন্নয়ন পৰিষদ গঠন কৰা, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, কলিতা জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ৩০ শতাংশ আসন সংৰক্ষণ কৰা।

যদিহে অসম চৰকাৰে অহা ডিচেম্বৰ মাহৰ ভিতৰত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেতিয়াহলে আগন্তক দিনত গনতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটো বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে।

অৱশ্যে, এই বন্ধৰ সময়ত জৰুৰীকালীন সেৱাৰ চলাচল অব্যাহত থাকিব বুলি সংগঠনটোৱে জানিব দিয়ে।