শনিবাৰ আৰু দেওবাৰেও পাঠদান কৰিব লাগিব শিক্ষকসকলেঃ হিমন্ত বিশ্ব শৰ্মা !

শনিবাৰ আৰু দেওবাৰেও পাঠদান কৰিব লাগিব শিক্ষকসকলেঃ হিমন্ত বিশ্ব শৰ্মা !

September 6, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ।

তাৰ মাজতে ক’ভিড প্ৰট’কল মানি ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ খোলাৰ চিন্তা চৰ্চা কৰা হৈছে।

 কিন্তু বিগত ছমাহে পাঠদান বন্ধ থকাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষাৰ্থীসকল।

সেয়েহে সেই লোকচানৰ পৰা শিক্ষাৰ্থীক উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিছে শিক্ষা বিভাগে।

ফলত শনিবাৰ আৰু দেওবাৰেও পাঠদান কৰিব লাগিব শিক্ষকসকলে।

শনিবাৰে ৫৯ সংখ্যক শিক্ষক দিৱসৰ দিনা এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লকডাউনত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়- লকডাউনত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি হোৱা সময় ঘূৰাই দিব শিক্ষকে। এতিয়া দিনে নিশাই পৰিশ্ৰম কৰি ছাত্ৰ-ছাত্ৰীক প্ৰতিটো ক্ষণ ঘূৰাই দিব লাগিব শিক্ষকে।আৰক্ষী স্বাস্থ্যকৰ্মীৰ দৰে শিক্ষকসকলেও ভাবিব নালাগে শনিবাৰ বা দেওবাৰ।

য়তো বছৰটোৰ পাঠ্যক্ৰম শেষ নোহোৱা পৰ্যন্ত প্ৰতিটো শনিবাৰ আৰু দেওবাৰেও বিদ্যালয়লৈ আহিবলগীয়া হ’ব পাৰে শিক্ষক সকল।