NEWS8 NE

শব্দ প্ৰদূষণ! আৰক্ষীয়ে ৰােলাৰ চলাই ধ্বংস কৰিলে বাইকৰ অৰ্ধ শতাধিক চাইলেঞ্চাৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যুৱ সমাজৰ মাজত এটা চখ আছে যে মটৰ চাইকেলত অতি শব্দ সংযোজন কৰা। অৰ্থাৎ মটৰ চাইকেলৰ চাইলেঞ্চাৰ পাইপ কিছু সংশোধন কৰি বঢ়াই লয় তাৰ শব্দ যাতে মটৰ চাইকেল খন চলাই নিলে বহু দূৰলৈকে শুনা পায় বাইকৰ শব্দ।

কিন্তু এতিয়াৰে পৰা এনে চখ থকা সকল সাৱধান হওঁক। আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ। যিয়েই এনে কৰিব তেঁওৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জৰিমনা বিহাৰ লগতে ধ্বংস কৰিব সেই সংশোধিত চাইলেঞ্চাৰ পাইপ।

এইবাৰ তেনে এক দৃশ্য দেখা গল কৰ্ণাটকৰ উদুপিত। য’ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকে ৫১ খন তেনে মটৰ চাইকেল জব্দ কৰি জৰিমনা বিহে। লগতে সেই বাহন কেইখনৰ চাইলেঞ্চাৰ পাইপ এৰোৱাই পাৰি দিলে পথত। আৰু তাৰ ওপৰেৰে চলাবলৈ দিলে ৰোলাৰ।

যোৱা ৩ ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত আপলোড কৰা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে। আৰক্ষীয়ে জৰিমনা বিহি প্ৰায় ২৫,০০০ টকা লাভ কৰে এনে চালকৰ পৰা।

আৰক্ষী অধীক্ষক এন বিষ্ণুবর্ধনে কয় যে, যোৱা ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে জিলা আৰক্ষী বিভাগে উদযাপন কৰিছিল পথ সুৰক্ষা সপ্তাহ। এই পথ সুৰক্ষা সপ্তাহৰ মূল মন্ত্ৰ আছিল ‘পথ সুৰক্ষা, জীৱন ৰক্ষা’। বিগত সময়চোৱাত বহুতো লোকৰ পৰা অভিযোগ লাভ কৰা হয় যে মটৰ চাইকেল চালক সকলে চাইলেঞ্চাৰ পাইপ সংশোধন কৰি অতিমাত্ৰা শব্দ সৃষ্টি কৰি লৈছে।

যিয়ে অঞ্চলটোত শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে। লগতে নিশাৰ ভাগত শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলাই অশান্তি পায় এই শব্দৰ বাবে। আৰু এই পথ সুৰক্ষা সপ্তাহতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এনে ৫১ খন মটৰ চাইকেল।

তেওঁ লগতে কয় যে, মটৰ চাইকেলত সাধাৰণতে ৮০ ডেচিবেল শব্দহে ব্যৱহাৰ কৰিব পাৰে। তাতকৈ বেছি কৰিলেই সি অপৰাধ। গতিকে এতিয়াৰে পৰা ইয়াৰ বিৰুদ্ধে অবিৰত পদক্ষেপ লোৱা হব। আৰু যান-বাহন আইনৰ অধীনত আইন ভংগকাৰী সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হব।

লগতে চাওকঃ

ৰিক্সা চালকৰ জীয়ৰীয়ে অৰ্জন কৰিলে মিছ ইণ্ডিয়াৰ উপ-বিজেয়ীৰ খিতাপ!

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

অবিশ্বাস্য ঘটনা! সপােন দেখি উদ্ধাৰ কৰিলে কালী মূৰ্তি, ৰাইজৰ মাজত তীব্ৰ কৌতূহল

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

Exit mobile version