NEWS8 NE

শাহুৰ বিৰুদ্ধে আইনাত লিপষ্টিকেৰে অভিযোগ লিখি আত্মঘাতী সদ্য বিবাহিতা

নিউজ ডেস্ক। বন্দনা কলিতাৰ কাণ্ডই ৰাজ্যজুৰি তােলপাৰ লগাই থকাৰ সময়তে এইবাৰ পাৰিবাৰিক সংঘাতৰ বাবেই পুনৰ এগৰাকী সদ্য বিবাহিতা মহিলাৰ মৃত্যুৰ ঘটনা পােহৰলৈ আহিছে।

এইবাৰ ঘটনাৰ স্থান দৰঙৰ পশ্চিমাঞ্চলৰ মালিবাৰিটাৰি।

জানিব পৰা মতে, গাঁওখনৰ অৱনী নাথৰ পত্নী নিশামণি নাথৰ (২৬) নিজৰ শোৱনি কোঠাত মৃতদেহ উদ্ধাৰ কৰা হয়। সদ্য বিবাহিতা মহিলাগৰাকীৰ মৃতদেহ চিলিং ফেনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

দুৰ্ভগীয়া নিশামণি

নিশামণি নাথৰ এনে ৰহস্যজনক আত্মহননৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই মাতৃৰ পৰিয়ালৰ লােকে।

ইতিমধ্যে, হত্যাৰ অভিযোগ তুলি পিতৃ পৰিয়ালে স্বামী আৰু শাহুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুঢ়া আৰক্ষী চকীত। আৰক্ষীয়ে ইতিমধ্যে স্বামী অৱনী নাথ আৰু শাহু সোণেশ্বৰী নাথক আটক কৰিছে।

জানিব পৰা মতে, ঘটনাৰ দিনা নিশামণিৰৰ সৈতে স্বামী শাহুৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পাছতে শোৱনি কোঠাৰ দৰ্জা বন্ধ কৰি বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰিছে স্বামী পৰিয়ালে।

স্বামী অৱনী নাথ

অৱশ্যে আৰক্ষী আৰু বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালৰ মানুহ ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই মৃতদেহ বিছনাত নমাইছিল স্বামীয়ে।

আত্মহত্যাৰ পূর্বে নিশামণি নাথে ‘আজি এবছৰ ধৰি শাহুৰ অত্যাচাৰ সহিব নোৱাৰি মই আত্মহত্যা কৰিলোঁ আৰু মোৰ সন্তানক বিহ খুৱাই মাৰিলে। মোক ন্যায় দিব’ বুলি লিপষ্টিকেৰে ড্ৰেছিং আইনাত ছুইচাইড নোট লিখি থৈ যোৱা বুলি জানিব পৰা গৈছে।

সোণেশ্বৰী নাথ

পৰৱৰ্তী সময়ত এই ছুইচাইড নোট মচি পেলোৱা ঘটনাই বিশেষ তাপর্য বহন কৰিছে। ইতিমধ্যে এই ছুইচাইড নোট ভাইৰেল হৈ পৰিছে।

দণ্ডাধীশ আৰু দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ বুঢ়া আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈলৈ প্ৰেৰণ কৰিছে ৷

আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা-নে আত্মহত্যা।

Exit mobile version