NEWS8 NE

শােকাৱহ পথ দুৰ্ঘটনাত ৫ জন বিজেপি কৰ্মীৰ মৃত্যু, ১৫ জন আহত

নিউজ ডেস্ক। অসমৰ প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাত সংঘটিত এক শােকাৱহ পথ দুৰ্ঘটনাত ৫ জন বিজেপি দলৰ কৰ্মীৰ মৃত্যু ঘটে।

শুকুৰবাৰে দক্ষিণ ত্ৰিপুৰা জিলাত সংঘটিত এই পথ দুৰ্ঘটনাত ১৫ জন লােক আহত হোৱাৰ বাতৰি পোৱা গৈছে।

জানিব পৰা মতে, ঘটনাটো শুক্ৰবাৰে অমৰপুৰ-নতুন বজাৰ পথৰ ‘লাকৰি দােকান’ৰ ওচৰত সংঘটিত হয়।

ভাৰতীয় জনতা পাৰ্টি (বিজেপি) গোমতী জিলা সভাপতি অভিষেক দেৱৰয়ে জনােৱা মতে, দলৰ সমৰ্থকসকলে এখন দলীয় সভাত অংশগ্ৰহণ কৰি ওভতাৰ পথত এই ঘটনা সংঘটিত হয়।

যাত্ৰীসকলক কঢ়িওৱা TR-03-H-1636 নম্বৰৰ মেক্সি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

উক্ত দুৰ্ঘটনাত ৫ জন লােকৰ থিতাতে মৃত্যু ঘটাৰ উপৰি ১৫ জন লােক আহত হয়।

উল্লেখ্য যে ৰাজ্যখনত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা জনজাতীয় এলেকা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত থকাৰ মাজতে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

লগতে চাওকঃ

ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

IIT Delhi ৰ চমক! ২੦ পইচাত ১ কিলােমিটাৰ চলিব পৰা ইলেকট্ৰিক স্কুটাৰ HOPE উদ্ভাৱন

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

বাইক ষ্টান্ট কৰি বিপদত পৰিল এজন যুৱক! এজন IPS বিষয়াই শ্বেয়াৰ কৰিলে ভিডিঅ’

Exit mobile version