Site icon NEWS8 NE

শােকাৱহ! পুনৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসম আৰক্ষীৰ দুজন জােৱানৰ

নিউজ ডেস্ক। শুকুৰবাৰে তিনিচুকীয়া জিলাত মনােৰঞ্জন গগৈ নামৰ এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু পাছতে শনিবাৰে পুনৰ এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে অসম আৰক্ষীৰ আন এজন কনিষ্টবলৰ।

দেওবাৰে পুৱাও আন এটা পথ দুৰ্ঘটনাত অসম আৰক্ষীৰ এজন গৃহৰক্ষী জােৱানৰ মৃত্যু ঘটে।

জানিব পৰা মতে, শনিবাৰে বিয়লি কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত মৃত জােৱানজনৰ নাম জয়দীপ পাল।

প্ৰয়াত জয়দীপ পাল

জানিব পৰা মতে, ৰাতাবাৰী আৰক্ষী থানাত কৰ্মৰত জয়দীপ পালৰ কৰিমগঞ্জৰ পেটেলনগৰ অঞ্চলৰ কানিশৈলৰ ওচৰত এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

জয়দীপ পাল বিভাগীয় কামত ৰাতাবাৰী পৰা স্কুটীৰে কৰিমগঞ্জলৈ গৈছিল।

উভতি অহাৰ পথত কানিশৈলৰ অল্ট’ বাহন (AS 10E 8781)ৰ সৈতে মুখামুখি সংঘৰ্ষ হয় স্কুটীখনৰ।

এই দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে স্কুটীখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জয়দীপ পালক প্ৰথমে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।

তাৰ পাছত উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও তাত জােৱানজনৰ মৃত্যুবৰণ ঘটে।

কৰিমগঞ্জ আৰক্ষীয়ে টুইট কৰি জােৱানজনৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰে।

ইপিনে, দেওবাৰ পুৱা ৪.৫੦ মান বজাত দৰং জিলাৰ ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ খুন্দাত মৃত্যু হয় এজন গৃহৰক্ষী জােৱানৰ।

নিয়ন্ত্ৰনহীন ট্ৰাকে মহতিয়াই নিলে কৰ্তব্যৰত গৃহৰক্ষী জোৱান মইনুল হকক।

জােৱানজনক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ছিপাঝাৰৰ ঘোঁৰাবান্ধাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এ,টি,এম কক্ষৰ নৈশ পহৰাৰ দায়িত্বত আছিল ছিপাঝাৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱানজন ৷

গৃহৰক্ষী জােৱান মইনুল হক (৩৮)

তেনে সময়তে AS25-3641 ট্ৰাক এখনে নিয়ন্ত্ৰনহীন ভাৱে পথৰ দাঁতিত কৰ্তব্যৰত জোৱানজনক মহটিয়াই লৈ যায়।

দায়িত্বশীল, কৰ্তব্যপৰায়ন গৃহৰক্ষী যোৱানজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ছিপাঝাৰ থানাৰ আৰক্ষী ৷

চেঙেলীয়াঝাৰৰ কুমাৰপাৰা গাৱৰ দুই সন্তানৰ পিতৃ ৩৮ বছৰীয়া মইনুল হকৰ মৃত্যত গভীৰ শােক প্ৰকাশ কৰিছে জিলা আৰক্ষীয়ে।

প্ৰয়াত মনােৰঞ্জন গগৈ

উল্লেখ্য যে শুকুৰবাৰে চিকিৎসাধীন অৱস্থাত তিনিচুকীয়াত কৰ্মৰত আৰক্ষী কনিষ্টবল মনােৰঞ্জন গগৈৰ মৃত্যু হৈছিল।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Exit mobile version