শিক্ষক দিৱসৰ দিনটোত মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ !

শিক্ষক দিৱসৰ দিনটোত মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ !

September 5, 2020 0 By NEWS DESK

আজি ৫৯ তম পবিত্ৰ শিক্ষক দিৱস।

মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৫ ছেপ্টেম্বৰ দিনটোত ভাৰতবৰ্ষকে ধৰি সমগ্ৰ ৰাজ্যত উলহে মালহে শিক্ষক দিৱস পালন কৰা হয়।

এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাধাকৃষ্ণণক সোঁৱৰণ কৰাৰ লগতে সমগ্ৰ শিক্ষকসকলৰ অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

টুইটযোগে মোদীয়ে কয় যে, আজি শিক্ষক দিৱসত সমগ্ৰ শিক্ষকসমাজে এখন সমাজ গঠনৰ বাবে কৰা অহোপুৰুষাৰ্থ আৰু কষ্টৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আমাৰ শিক্ষক আমাৰ হিৰ’ বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।