শিক্ষামন্ত্ৰীৰ ঘোষণা- ৩১ আগষ্ট নহয়, ১৫ ছেপ্তেম্বৰলৈকে শিক্ষকে কৰিব পাৰিব কৰ’ণাৰ পৰীক্ষা !

শিক্ষামন্ত্ৰীৰ ঘোষণা- ৩১ আগষ্ট নহয়, ১৫ ছেপ্তেম্বৰলৈকে শিক্ষকে কৰিব পাৰিব কৰ’ণাৰ পৰীক্ষা !

August 29, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সংবাদমেলত শিক্ষকসকলৰ ক’ভিড টেষ্টৰ সময়সীমা বৃদ্ধি।

শিক্ষকসকলৰ কোভিড টেষ্টৰ সময়সীমা বৃদ্ধি।

১৫ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে কৰ’ণা টেষ্টৰ সময়সীমা।

৩১ আগষ্টৰ আগতে ক’ভিড পৰীক্ষা কৰাৰ অন্তিম দিন আছিল।

আনহাতে ১ ছেপ্তেম্বৰৰ পৰা কোৰোনা টেষ্ট সম্পন্ন কৰা সকলো শিক্ষক-কৰ্মচাৰীক যোগদানৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

লগতে, প্ৰথমে বিদ্যালয় ছেনিটাইজ কৰিব লাগিব। তাৰ পিছতে শিক্ষকে ডেস্ক-বেঞ্চ সামাজিক দূৰত্ব মানি সজাব লাগিব। শিক্ষাৰ্থীক মাস্ক দিব শিক্ষা বিভাগে। বিভাগে নিদিলেও শিক্ষকে কিনি দিব লাগিব।

মধ্যাহ্ন ভোজন সপ্তাহত দুদিনত দিব। শিক্ষাৰ্থীক প্ৰশ্ন লিখি দি পঠিয়াব লাগিব শিক্ষকে। তাৰ পিছতে পৰৱৰ্তী সপ্তাহত লিখি আনিব লাগিব প্ৰশ্নোত্তৰ। শিক্ষকে শিক্ষাৰ্থীৰ সন্মুখতে চাব প্ৰশ্নোত্তৰসমূহ।