নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য। নিশা শুই থকা অৱস্থাত বিষাক্ত ফেঁটী সাপ মেৰ খালে ৭ বছৰীয়া কন্যা শিশুৰ ডিঙিত।
এই কথা গম পাই ভয়তে চিঞৰিলে শিশুটিয়ে। যাৰ ফলত সাপটোৱে দংশন কৰিলে শিশুটিক।
পৰৱৰ্তী সময়ত শিশুটিক লৈ যোৱা হয় চিকিৎসালয়লৈ।
এই ঘটনা দেওবাৰে সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ চেলু মহকুমাৰ বৰখেদিত। আৰু সেই শিশু গৰাকীক পদ্মকৰ গাডকাৰী বুলি জানিব পৰা যায়।
শিশু গৰাকীৰ পিতৃ-মাতৃয়ে জনোৱা অনুসৰি, প্ৰায় এঘণ্টা ধৰি সাপটোৱে তেওঁৰ ডিঙিত বহি লৈছিল।

সেই সময়তে তেওঁ টোপনিৰ পৰা সাৰ পাইছিল আৰু চকু মেলিছিল। তেওঁ দৃশ্যটো দেখি চিঞৰি দিছিল। যেতিয়া ছোৱালীজনীয়ে চিঞৰিছিল তেতিয়া তেওঁৰ কাষতে শুই থকা মাক-দেউতাকেও সাৰ পাইছিল।
তেওঁলোকে সন্মুখত দৃশ্যটো দেখি হতবাক হৈ পৰিছিল। তেওঁলোকে চিঞৰ বাখৰ কৰিছিল। তেওঁলোকৰ চিঞৰ শুনি লগে লগে চুবুৰীয়াৰ লোকসকল তেওঁলোকৰ ঘৰলৈ দৌৰি আহিছিল।
দৃশ্যটো দেখি সকলোৱে ভয় খাইছিল আৰু সাপটোক খেদিবলৈ চেষ্টা কৰিছিল।
ছোৱালীজনীয়ে চিঞৰি দিয়াত সাপটোৱে তেওঁক কামুৰি দিছিল। আৰু পিছত সাপটো বাহিৰলৈ ওলাই গৈছিল সকলোৱে সেইটো ফেঁটী সাপ বুলি চিনাক্ত কৰিছিল।

উল্লেখ্য যে পৰৱৰ্তী সময়ত শিশু গৰাকীক চিকিৎসাৰ বাবে সেৱাগ্ৰাম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
চিকিৎসকে জনোৱা অনুসৰি শিশু গৰাকীৰ অৱস্থা বিপদমুক্ত। সাপটোৱে তেওঁৰ হাতত কামুৰে, সেয়েহে হাতত বিষ আছে। হাতখন অস্ত্ৰোপচাৰ কৰা হৈছে।