শোকাবহ! অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ সেনা জোৱান, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ স্বগৃহত সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ল অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱান অৰবিন্দ সিঙক। শুকুৰবাৰে নিশা তেওঁৰ নশ্বৰ দেহ ত্ৰিৰংগাত মেৰিয়াই স্বগৃহলৈ নিয়াৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰিছিল ভাৰতীয় সেনা জোৱান অৰবিন্দ সিং। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইয়াৰ পিছতে শুকুৰবাৰে মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ নুনহাদ গাঁওস্থিত স্বগৃহলৈ নিয়া হয় ৪১ বৰ্ষীয় শ্বহীদ জোৱানজনৰ নশ্বৰ দেহ। তাত সেনা আৰু স্থানীয় ৰাইজে শেষ বিদায় জনোৱাৰ পিছত শনিবাৰে সম্পন্ন কৰা হয় শেষকৃত্য।

নুনহাদ গাঁৱৰ বিজয়সিংহ বঘেলৰ পুত্ৰ অৰবিন্দ সিঙে ২০০০ চনত জবলপুৰৰ পৰা সেনা বাহিনীত যোগদান কৰিছিল।সেনাবাহিনীত তেওঁ ৮ মাৰাঠা ইমলাই ৰেজিমেণ্টত কৰ্তব্য সম্পাদন কৰাৰ পিছত প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁক জেচিঅ’লৈ পদোন্নতি দিয়া হয়।

তেওঁৰ প্ৰথম পোষ্টিং হৈছিল অৰুণাচল প্ৰদেশত। এমাহৰ ছুটী অতিবাহিত কৰি এপ্ৰিল মাহত তেওঁ কৰ্তব্যত যোগদান কৰিছিল। শীঘ্ৰেই ছুটি লৈ পুনৰ ঘৰলৈ যোৱাৰ কথা আছিল ৩ সন্তানৰ পিতৃ অৰবিন্দ সিঙে। কিন্তু তাৰ পূৰ্বেই আকস্মিকভাৱে মৃত্যু ঘটে জোৱানজনৰ।

জোৱানজনৰ এই আকস্মিক মৃত্যুৱে মৰ্মাহত কৰে পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীক।