Site icon NEWS8 NE

শোকাবহ! ঘৰত টুথপেষ্ট নথকাত বাচন ধোৱা পাউডাৰেৰেই দাঁত ঘহিছিল আৰিফাই, হাস্পতালত সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে হাজো থানাৰ অন্তৰ্গত হাৱলাখাত।

বাচন ধোৱা পাউডাৰেৰে দাঁত ঘহাৰ পৰিণাম জীৱন দি পৰিশোধ কৰিলগীয়া হ’ল এগৰাকী মহিলাই।

এই শোকাবহ ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে পুৱা।

জানিব পৰা মতে, হাৱলাখাৰ নিৱাসী ফজল হকৰ পত্নী আৰিফা বেগমে (২০) পুৱা শুই উঠি বাহি বাচন ধুইছিল।

একে সময়তে ঘৰত টুথপেষ্ট নথকাত বাচন ধোৱা পাউডাৰেৰেই দাত ঘহে মহিলাগৰাকীয়ে।

ইয়াৰ পিছতে প্ৰায় ১১ বজাত তীব্ৰ পেটৰ বিষত আক্ৰান্ত হয় মহিলাগৰাকী।

কিন্তু পথাৰৰ মাজত ঘৰ হোৱাৰ হেতুকে আৰু যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে বহু পলমকৈ স্বামী ফজল হকে মহিলাগৰাকীক মুকালমুৱাৰ আদাবাৰী চিকিৎসালয়লৈ নিয়ে।

হাস্পতালত কিছু সময় চিকিৎসাধীন হৈ থাকিয়েই মৃত্যু ঘটে আৰিফা বেগমৰ।

মহিলাগৰাকীৰ মৃত্যু বাচন ধোৱা পাউডাৰেৰে দাঁত ঘহাৰ বাবেই হোৱা বুলি সন্দেহ কৰিছে স্বামী আৰু ওচৰ চুবুৰীয়াই।

মহিলাগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Exit mobile version