NEWS8 NE

শোকাবহ! জোৰ কৰি বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ পিছদিনাই ধনঞ্জয়ে ল’লে এই কঠিন সিদ্ধান্ত…

নিউজ ডেস্কঃ নিজৰ অনিচ্ছা স্বত্বেও বিয়াত বহিবলগীয়া হোৱাৰ বাবেই এজন যুৱকে বিয়াৰ পিছদিনাই সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা।

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত ধনঞ্জয় দাস নামৰ যুৱকজনক বলপূৰ্বক বিয়া পাতি দিয়াৰ পৰিণতিত বিয়াৰ পিছদিনা চিপ লৈ আত্মহত্যা কৰে।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

অভিযোগ অনুসৰি, নাগ্ৰীজুলি আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ ধনঞ্জয় দাস নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল একে গাঁওৰে ৰিয়া দাস নামৰ এগৰাকী যুৱতীৰ সৈতে। কিন্তু যুৱতীগৰাকীৰ আন যুৱকৰ সৈতেও প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে জানিব পৰাৰ পিছতে প্ৰেম বিচ্ছেদ ঘটাই আঁতৰি আহে ধনঞ্জয়।

কিন্তু শনিবাৰে ধনঞ্জয়ে কাম কৰা সোণৰ দোকানখনত প্ৰৱেশ কৰে কেইজনমান লোকে তেওঁক জোৰ কৰি টানি আজুৰি আনি ৰিয়াৰ সৈতে বিয়া পাতি দিয়ে।

নিজৰ অনিচ্ছা স্বত্বেও এনেদৰে বাধ্যত পৰি বিয়া কৰাবলগীয়া হোৱাৰ বাবেই যুৱকে বিয়াৰ পিছদিনাই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

দেওবাৰে ঘৰৰ পিছফালে থকা বাঁহনীৰ মাজত যুৱকজনৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় ৰাইজে নাগ্ৰীজুলি আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ধনঞ্জয় দাস নামৰ যুৱকজনৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! প্ৰতিবেশী ৰাজ্যত অসমৰ অন্তঃসত্বা মহিলা আৰু স্বামীক নৃশংস হত্যা দুৰ্বৃত্তৰ

Exit mobile version