Site icon NEWS8 NE

শোকাবহ! তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহী শিক্ষয়িত্ৰীৰ, কথমপি প্ৰাণৰক্ষা স্বামী আৰু ডেৰ বছৰীয়া পুত্ৰৰ…

নিউজ ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী শিক্ষয়িত্ৰীৰ।

স্বামী আৰু পুত্ৰৰ সৈতে বাইকেৰে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা।

তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে শিক্ষয়িত্ৰী নিধি পাণ্ডে (৩৫)ৰ।

আনহাতে দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে তেওঁৰ স্বামী বিবেক পাণ্ডে আৰু ডেৰ বছৰীয়া পুত্ৰৰ।

দেওবাৰে নিশা এই মৰ্মান্তিক দুৰ্ঘটনা সংঘেটিত হয় উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ খোৰাবৰ অঞ্চলৰ কুশামাহি বনাঞ্চলৰ সমীপত।

জানিব পৰা মতে, কুশীনগৰ জিলাৰ কাছয়া নিৱাসী নিধি পাণ্ডে নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে দেওবাৰে স্বামী আৰু ডেৰ বছৰীয়া পুত্ৰৰ সৈতে বাইকেৰে কোনো কামত গোৰখপুৰলৈ গৈছিল।

নিশা তেওঁলোকে গোৰখপুৰৰ পৰা পুনৰ উভতিছিল ঘৰলৈ।

সেই সময়তে কুশামাহি বনাঞ্চলৰ সমীপত এখন তীব্ৰবেগী অচিনাক্ত বাহনে মহটিয়াই নিয়ে তেওঁলোকৰ বাইকখন।

বাহনৰ খুন্দাত স্বামী আৰু কণমানি সন্তানটো পথৰ পৰা দাঁতিলৈ উফৰি পৰাত কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে যদিও মূৰত গুৰুতৰভাৱে আঘাত পায় নিধি পাণ্ডেয়ে।

লগে লগে স্বামী বিবেক পাণ্ডেয়েই তেওঁক হাস্পতাললৈ লৈ যায় যদিও অধিক ৰক্তক্ষৰণ হৈ ইতিমধ্যে মৃত্যু ঘটে শিক্ষয়িত্ৰীগৰাকীৰ।

দুই সন্তানৰ মাতৃ শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুৱে পৰিয়ালটোত শোকৰ বন্যা নমাইছে। এই ঘটনাই শোকাহত কৰিছে অঞ্চলবাসীকো।

Exit mobile version