Site icon NEWS8 NE

শোকাবহ! নৱবৰ্ষৰ প্ৰাকক্ষণত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে শিক্ষক নিপুল বৰদলৈয়ে…

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণ উদযাপন কৰিবলৈ গৈ কৰুণ মৃত্যু এজন যুৱকৰ।

বনভোজ খাবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত মৃত্যু যুৱকজনৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাৰ আমচৈ শিৱকুণ্ডত।

জানিব পৰা মতে, বন্ধুৰ সৈতে আমচৈলৈ বনভোজ খাবলৈ গৈছিল ৰহাৰ নামগাঁৱৰ যুৱক নিপুল বৰদলৈয়ে।

আমচৈ বৰগাঁও পথৰ কাষত বনভোজৰ আনন্দত মতলীয়া হৈ থাকোতেই সেই স্থানত উপস্থিত হোৱা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় নিপুলে।

ইফালে হাতীৰ আক্ৰমণৰ পৰা কথমপি পলাই সাৰিবলৈ সক্ষম হয় তেওঁৰ বন্ধুসকলৰ লগতে আন বনভোজকাৰী।

জানিব পৰা মতে, নিপুল বৰদলৈ পেছাত এগৰাকী শিক্ষক আছিল।

ইফালে আক্ৰমণ সংঘটিত কৰি হাতীয়ে সেই স্থানৰ পৰা আতৰি নোযোৱাত নিপুল বৰদলৈৰ নিথৰ দেহটো নিশা হে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বকোত কৰ্মৰত নিপুলে এটি পুত্ৰ সন্তান আৰু এটি কণমানি কন্যা সন্তান সহ পত্নীক এৰি থৈ গৈছে।

সম্ভাৱনাময় নাট্য শিল্পী তথা শিক্ষক নিপুল বৰদলৈৰ মৃত্যুত ৰহাৰ বিভিন্ন দল সংগঠনে শোঁক প্ৰকাশ কৰিছে।

Exit mobile version