NEWS8 NE

শোকাবহ! বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষত নিহত কলেজীয়া ছাত্ৰ…

নিউজ ডেস্কঃ কলগাছিয়াৰ উদমাৰীত এখন বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত সংঘৰ্ষত এগৰাকী কলেজীয়া ছাত্ৰৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, আমিনগাঁৱৰ পৰা বৰপেটা হৈ উত্তৰ শালমাৰা সংযোগী বিকল্প ৰাজ্যিক ঘাইপথৰ উদমাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

এই শোকাবহ দুৰ্ঘটনাত মৃত্যু ঘটে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ক দৰ্শন বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ মোশ্বাৰফ হুছেইনৰ। নিহত ছাত্ৰজনৰ ঘৰ বঙাইগাঁও জিলাৰ মাত্ৰাঘোলাত বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ছাত্ৰজনে জনিয়াৰ পৰা এএছ ১৫আৰ ২৫০১ নম্বৰৰ পালছাৰ বাইকেৰে কলেজ অভিমুখে গৈ থকা সময়তে বামুণটাৰীৰ পৰা জনিয়া অভিমুখে গৈ থকা এখন ই-ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

এই দুৰ্ঘটনাত ছাত্ৰজনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে ই-ৰিক্সাখনত থকা ৩ জন যাত্ৰীও আহত হয়। দুৰ্ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Exit mobile version