NEWS8 NE

শোকাবহ! স্বামী-পুত্ৰৰ সৈতে চিৰিয়াখানা চাবলৈ গৈ ৰে’লৰ তলত সোমাই মৃত্যু শিক্ষয়িত্ৰীৰ

নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে চিৰিয়াখানা চাবলৈ গৈ শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৃৱাবলগীয়া হ’ল এগৰাকী শিক্ষয়িত্ৰীয়ে।

পুত্ৰ আৰু স্বামীৰ সৈতে চিৰিয়াখানালৈ যোৱাৰ সময়তে সংঘটিত দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় শিক্ষয়িত্ৰীগৰাকীয়ে।

শনিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ কানপুৰৰ ৰাজ্যিক চিৰিয়াখানাত।

জানিব পৰা মতে, অঞ্জু শৰ্মা (৪০) নামৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে স্বামী সুবোধ শৰ্মা আৰু পুত্ৰ অভিৰালৰ সৈতে শনিবাৰে আহিছিল কানপুৰ প্ৰাণীবিজ্ঞান উদ্যানলৈ।

কানপুৰ চিৰিয়াখানাত জীৱ-জন্তু চোৱাৰ বাবে থকা খেলনা ৰে’লৰ টিকট লৈ তাত উঠিছিল অঞ্জু শৰ্মাৰ পৰিয়ালটোও।

কিন্তু খেলনা ৰে’লখন চলিবলৈ লওতেই হঠাৎ পিচলি ট্ৰেকত পৰি যায় অঞ্জু শৰ্মা। যাৰ ফলত ৰে’লৰ চকা তেওঁৰ গাৰ ওপৰৰে উঠি যোৱাত গুৰুতৰভাৱে আহত হয়।

ইফালে এই ঘটনা প্ৰত্যক্ষ কৰি উপস্থিত আন লোক আৰু চিৰিয়াখানা কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যায় যদিও অধিক ৰক্তক্ষৰণৰ বাবে শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যু ঘটে।

শিক্ষয়িত্ৰী অঞ্জু শৰ্মাৰ এনে আকস্মিক মৃত্যুৱে পৰিয়ালটোক শোকাহত কৰিছে।

Exit mobile version