NEWS8 NE

শোকাৱহ ঘটনা! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত পুখুৰীত পৰি দশম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত পুখুৰীত পৰি সলিল সমাধি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ।

মৃত ছাত্ৰজনৰ নাম ৰােহিত দাস (১৫)।

এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ নগৰবেৰাত।

বিদ্যালয়ৰ পৰা ঘৰ অভিমুখী পথত পুখুৰীত পৰি মৃত্যু ঘটে ৰোহিত দাস(১৫) নামৰ ছাত্ৰ জনৰ।

মৃত ছাত্ৰজন নগৰবেৰা আদৰ্শ বিদ্যালয়, দোকুচি’ৰ ছাত্ৰ তথা প্ৰতিবেশী গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলা গাঁৱৰ দীপক দাসৰ পুত্ৰ।

জানিব পৰা মতে, শুক্ৰবাৰৰ আবেলি বৰষুণৰ মাজতে বিদ্যালয়ৰ পৰা ঘৰ অভিমুখে চাইকেলেৰে গৈ থকা অৱস্থাত ইউনিফৰ্ম’ত বোকা লাগে আৰু বোকা ধুবলৈ পথৰ কাষৰে পুখুৰী এটাত নামি কিছু দ’লৈ নামি যায়।

আনহাতে পাৰত ৰ’ই থকা সহপাঠী দুজন মানক পানীৰ তলত ডুব মাৰি কিমান পৰ থাকিব পাৰে তাক দেখুৱাবলৈ ডুব মাৰি বহুপৰ ওপৰলৈ নুঠাত হাহাকাৰ লাগে।

চিঁঞৰ-বাখৰ কৰাত দুজনমান লোক দৌৰি গৈ ইউনিফৰ্ম পৰিহিত ছাত্ৰ ৰোহিতৰ নিথৰ দেহ বামলৈ তোলে, খবৰ পাই মুহুৰ্ততে লোকে লোকাৰণ্য হৈ পৰে ঘটনাস্থলী।

পলাহৰটাৰী আৰু পঠালিপাৰা গাঁৱৰ মাজৰ ৰাজপথৰ কাষৰ পুখুৰী এটাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ মৰণােত্তৰ পৰীক্ষাৰ বাবে পদক্ষেপ লৈছে।

Exit mobile version