শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা নাই হিমন্ত বিশ্ব শৰ্মাৰঃ আজমল

শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা নাই হিমন্ত বিশ্ব শৰ্মাৰঃ আজমল

November 4, 2020 0 By NEWS DESK

নিউজ ডেস্ক। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘মিঞা সংগ্ৰহালয়’ স্থাপনৰ দাবী জনাই তীব্ৰ সমালােচনাৰ সন্মুখীন হ’ল কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী।

আনকি, অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলী নিৰ্বাচনৰ পাছতে গ্ৰেপ্তাৰ কৰিব বুলি মুকলিকৈ ঘােষণা কৰিলে।

এই বিষয়ত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে।

মানকাচৰত সাংবাদিকৰ সন্মুখত মন্তব্য কৰি আজমলে কয় যে হিমন্তই অসমত মােগলৰ ৰাজনীতি কৰিছে।

UB Photos

হিমন্ত আৰু শ্বেৰমানে অসমত মিঞাৰ ৰাজনীতি আৰম্ভ কৰিছে। আমি মিঞা ৰাজনীতিত নাই। আমি অসমীয়া।

হিমন্তই অসমীয়া পৰা ‘অস’ আৰু ‘মিঞা’ বেলেগ কৰিব খুজিছে। কিন্তু আমি অসমীয়া।

আনিক হিমন্তই শ্বেৰমান আলীক নিৰ্বাচনৰ পাছত গ্ৰেপ্তাৰ কৰিব বুলি কৰা ঘােষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে কয় যে দৰাচলতে শ্বেৰমানক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা নাই হিমন্ত বিশ্ব শৰ্মাৰ।