শ্মশানত হিন্দু ‘ভাতৃ’ক মুখাগ্নি মুছলমান মহিলাৰ, ফেচবুক লাইভত প্ৰকাশ ঘটনাৰ সবিশেষ…

শ্মশানত হিন্দু ‘ভাতৃ’ক মুখাগ্নি মুছলমান মহিলাৰ, ফেচবুক লাইভত প্ৰকাশ ঘটনাৰ সবিশেষ…

September 26, 2020 0 By NEWS DESK

শিৱসাগৰ। যি সময়ত একাংশ ন্যস্তস্বাৰ্থ জড়িত মহলে ৰাজনৈতিক তথা ব্যক্তিগত লাভালাভৰ বাবে জাতি-ধৰ্মৰ নামত মানুহৰ মাজত বিভেদৰ বীজ সিঁচিবলৈ উঠি পৰি লাগিছে, তেনে সময়তে শিৱসাগৰৰ এটা ব্যতিক্ৰমী ঘটনাই সকলােৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

শিৱসাগৰৰ এগৰাকী মুছলমান ধৰ্মাৱলম্বী মহিলাই ধৰ্মীয় ভেদাভেদ পাহৰি এজন হিন্দু ভাতৃৰ শেষকৃত্য সম্পন্ন কৰা ঘটনাই একাংশ লােকৰ হৃদয়ত মানৱতা জীয়াই থকাৰ কথাকে পুনৰবাৰ প্ৰমাণিত কৰিলে।

জানিব পৰা মতে, মুস্কান বেগম নামত মহিলাগৰাকীয়ে ধ্ৰুৱ মজুমদাৰ নামৰ যুৱকক শ্মশানত মুখাগ্নি কৰে।

তেজৰ সম্পৰ্ক নাথালেও, মহিলাগৰাকীৰ সৈতে হৃদয়ৰ সম্পৰ্ক আছিল মৃত যুৱকজনৰ। সৰুৰে পৰা ঘাতমাউৰা যুৱকজনৰ সৈতে ভাতৃ-ভগ্নীৰ সম্পৰ্ক ৰক্ষা কৰিছিল মুস্কানে।

সেইবাবেই সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে সম্পন্ন হােৱা শেষকৃত্যত ঘাতমাউৰা যুৱকজনৰ কােনাে আত্মীয়ই উপস্থিত নথকাত মুস্কানে মুখাগ্নি কৰিবলৈ কােনাে কুন্ঠাবােধ নকৰিলে।

মহিলাগৰাকীৰ এনে সাহসিকতা তথা দায়িত্ববােধে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে।

ইপিনে, একাংশ লােকে ফেচবুকত মহিলাগৰাকীক যুৱকজনৰ মৃত্যু তথা পৰিচয় সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰাত ফেচবুক লাইভত আহি সকলাে কথাই স্পষ্ট কৰে মহিলাগৰাকীয়ে।

মুস্কান বেগমৰ ফেচবুক লাইভঃ

এই লাইভত সমগ্ৰ ঘটনা প্ৰকাশ কৰা মুস্কান আবেগিক হৈ পৰে। মৃত ভাতৃৰ বিষয়ে বিভিন্ন কথা প্ৰকাশ কৰি লাইভৰ মাজতে আনকি চুকলাে টুকে মহিলাগৰাকীয়ে।

इंसानियत की मिसाल! मुस्लिम बहन ने दी हिंदू भाई काे मुखाग्नि