Site icon NEWS8 NE

শ্মশানলৈ পিতৃৰ মৃতদেহ কান্ধত নিলে দুই কন্যাই, কৰিলে মুখাগ্নিও

নিউজ ডেস্ক। সাধাৰণতে কোনো লোকৰ মৃত্যু হ’লে শ্মশানলৈ মৃতদেহ নিয়ে কেৱল পুৰুষে। এইক্ষেত্ৰত মহিলাৰ হস্তক্ষেপ যেন বৰ্জিত।

আনকি মৃতদেহত মুখাগ্নি কৰাৰ দৃশ্যও অতি দুৰ্লভ। কিন্তু এইবাৰ দেখা গ’ল এক ব্যতিক্ৰম দৃশ্য।

শ্মশানলৈ পিতৃৰ মৃতদেহ লৈ গল দুই কন্যা সহ আত্মীয় আন মহিলাই। মুখাগ্নিও কৰিলে কন্যাই। পুত্ৰ থকাৰ পিছতো কন্যাই কৰিলে এই কাম।

এই ঘটনা যোৱা দেওবাৰে সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বৰিচানপুৰ গাঁৱত।

ঘটনা অনুসৰি, বৰিচানপুৰ গাঁৱৰ হৰিচৰণ পেটেলৰ (৮০) যোৱা শনিবাৰে নিশা মৃত্যু হয়।

ইয়াৰ পিছতেই তেঁওৰ পুত্ৰ ভগীৰথ পেটেলে দুই ভগ্নীক পিতৃৰ মৃত্যুৰ খবৰ দিয়ে। সেই অনুসৰি সোনকালেই উপস্থিত হয় দুই ভগ্নী প্ৰেমা দেৱী আৰু হীৰামণি দেৱী।

ইয়াৰ পিছতেই তেওঁলোকে পিতৃৰ ইচ্ছা অনুসৰি পিতৃৰ চকু দুটা দান কৰাৰ ইচ্ছা কৰে। সেই অনুসৰি পৰিয়ালটোৱে বাৰাণসী আই বেংক চ’চাইটিক তেওঁলোকৰ ইচ্ছা পূৰণ কৰিবলৈ অৱগত কৰে।

তাৰ পিছতেই এঘণ্টাৰ ভিতৰত চিকিৎসক আহি দুয়োটা চকু লৈ যায়। ইয়াৰ পিছতেই যো-জা চলে শেষকৃত্যৰ। কিন্তু দুই কন্যাই ইচ্ছা কৰে পিতৃৰ শেষকৃত্য তেওঁলোকে কৰাৰ।

ইয়াৰ পিছতেই দেওবাৰে দুই কন্যা আৰু আত্মীয় দুগৰাকী মহিলাই ৫ কিলোমিটাৰ দূৰত থকা গংগা নদীৰ তীৰলৈ পিতৃৰ মৃতদেহ সৎকাৰৰ বাবে কান্ধত লৈ যায়। আৰু পিতৃৰ মুখাগ্নিও কৰে তেওঁলোকে।

কন্যা দুগৰাকীয়ে এই সন্দৰ্ভত কয় যে, তেওঁলোকৰ ককাক অযোধ্যা পেটেলে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰাই সংস্কাৰ সাধিবলৈ গোটেই জীৱন যুঁজিছিল। তেওঁলোকৰ পিতৃৰো সেই একেই ইচ্ছা আছিল। আৰু সেই ইচ্ছানুসৰিয়েই তেওঁলোকে এনে কৰিবলৈ ইচ্ছা কৰে।

উল্লেখ্য যে এই কথাক এতিয়া প্ৰশংসা কৰিছে সকলোৱে।

Exit mobile version