NEWS8 NE

শৰীৰত এটা হাওঁফাওঁ, এটা বৃক্ক! তথাপিও ক’ভিডক জয় দিব্যাংগ কিশোৰীৰ

নিউজ ডেস্ক। কোৰোনা মহামাৰীৰ সংহাৰ বৰ্তমানেও আছে অব্যাহত। ইয়াৰ মাজতে মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা আহিছে এক ভাল খবৰ।

এগৰাকী ১২ বছৰীয়া দিব্যাংগ কিশোৰীয়ে কোৰোনাক কৰিছে পৰাস্ত।

জানিব পৰা মতে কিশোৰী গৰাকীৰ দেহত সৰুৰে পৰা আছে এটা হাঁওফাঁও, এটা বৃক্ক আৰু এটা হাত। আৰু তেওঁৱেই অলপতে আক্ৰান্ত হৈছিল কোৰোনাত। যিয়ে সাহসেৰে কোৰোনাৰ সৈতে যুঁজিছিল। সেই সময়ছোৱাত তেওঁৰ হাঁওফাঁওৰ সংকোচনৰ ফলত অক্সিজেনৰ মাত্ৰাও ৪০-৫০ লৈ হ্ৰাস পাইছিল।

কিন্তু সেই সময়ছোৱাত তেওঁক নিৰন্তৰ বাইপাইপ (BiPAP) অক্সিজেনৰ চাপৰ্টত ৰখা হৈছিল। আৰু পৰৱৰ্তী সময়ত তেওঁ যুঁজত জয়ী হৈ উঠে। সাহসী সেই কিশোৰী গৰাকীৰ নাম হল চিমি দত্ত।

খবৰ অনুসৰি কোৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত চিমিৰ মাক প্ৰথমতে সংক্ৰমিত হৈছিল। তাৰ পিছতেই চিমিও আক্ৰান্ত হৈছিল আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ ঘৰত বাইপাইপ অক্সিজেন লগোৱা হৈছিল। আৰু কোৰোনাৰ বিৰুদ্ধে সম্পূৰ্ণ ১২ দিন নিৰন্তৰ যুঁজৰ পিছত তেওঁ সেই যুদ্ধত জয়ী হৈছিল।

চিমিৰ পিতৃ-মাতৃয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীৰ এটা হাঁওফাঁও আৰু বৃক্কৰ লগতে তাইৰ এখন হাত জন্মৰ পৰা বিকাশ হোৱা নাছিল। তাই ২০২০ চনৰ ডিচেম্বৰত কভিডত আক্ৰান্ত হৈছিল আৰু তাইৰ দেহত অক্সিজেনৰ মাত্ৰা হ্ৰাস হোৱাৰ বাবে তাইক দীৰ্ঘসময়ৰ বাবে নিৰন্তৰ বিপিএপি অক্সিজেন চাপৰ্টত ৰাখিব লগা হৈছিল।

চিমিৰ পিতৃ অনিল দত্তই কয়- “মোৰ পত্নীৰ সোনোগ্ৰামে গৰ্ভধাৰণৰ সময়ত মোৰ ছোৱালীৰ ভ্ৰূণৰ বিকাশৰ সমস্যাবোৰ ধৰিব পৰা নাছিল। তাইৰ জন্মৰ পিছত আমি লক্ষ্য কৰিলো যে আমাৰ কন্যাৰ শৰীৰৰ বাওঁফালটো সঠিকভাৱে বিকশিত হোৱা নাছিল আৰু তাইৰ হাঁওফাঁও, বৃক্ক আৰু হাত বিকশিত হোৱা নাছিল। কিন্তু আমাৰ বাবে তাই এতিয়াও স্বাভাৱিক। আমি তাইক স্বাভাৱিকভাৱে দেখো। তাই সকলোবোৰ নিজেই কৰিব বিচাৰে আৰু কাৰো সহায় ল’বলৈ নিবিচাৰে। তাইৰ ইচ্ছা শক্তি প্ৰৱল।”

তেওঁ লগতে কয় যে- “কভিড-১৯ ৰ দ্বিতীয় ঢৌৰ সময়ত চিমিয়ে হঠাতে উশাহ-নিশাহৰ সমস্যাত ভুগিছিল আৰু সকলো সময়তে ভাগৰি পৰিছিল। তাইৰ অক্সিজেনৰ স্তৰ ৪০-৫০ লৈ হ্ৰাস পাইছিল। আমি চেন্নাইত থাকো আৰু ২০১৭ চনৰ পৰা তাইক চিকিৎসা কৰি থকা চিকিৎসকৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক সকলো পৰামৰ্শ প্ৰদান কৰিছিল আৰু আমি তাইক ঘৰত বাইপাইপ অক্সিজেন চাপৰ্টত ৰাখিছিলো। আমি তাইক সময়মতে সকলো কৰিছিলো আৰু অৱশেষত তাই সুস্থ হৈ উঠিছিল।”

চিমিৰ মাতৃয়ে কয়, “জন্মৰ পৰাই চিমিৰ হাঁওফাঁওৰ সমস্যা আছে। তাই ক্ৰীড়াৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। কিন্তু কভিড সংক্ৰমণৰ পিছৰে পৰা তাই দুৰ্বল হৈ পৰে। উশাহ লোৱাত কষ্ট অনুভৱ কৰে। অৱশ্যে চিমি নিজে সদায় আশাবাদী আৰু তাই ঔষধ গ্ৰহণ কৰাৰ লগতে আৰু নিজে অক্সিজেন কনচেণ্ট্ৰেটৰ চলাবলৈ শিকিছে।”

চিমিয়ে সাংবাদিকৰ আগত কয় “মই স্কেটিং আৰু বাস্কেটবল ভাল পাওঁ। মই চাইকেল চলাইয়ো ভাল পাওঁ। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। কিছু দিন পূৰ্বে মোৰ দেহত কিছুমান কভিড লক্ষণ ধৰা পৰিছিল। মোৰ অক্সিজেনৰ স্তৰ হ্ৰাস পাইছিল। চিকিৎসকে পৰামৰ্শ দিছিল যে মই এটা অক্সিজেন কনচেণ্ট্ৰেটৰ ব্যৱহাৰ কৰা উচিত। মই নিজেই যন্ত্ৰটো চলাবলৈ শিকিছিলো।”

Exit mobile version