সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০০ কােটিটকীয়া কেলেংকাৰিৰ তদন্তত নামিল চি আই ডি!

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০০ কােটিটকীয়া কেলেংকাৰিৰ তদন্তত নামিল চি আই ডি!

August 29, 2020 0 By NEWS DESK

ৰাজ্যত সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে আবন্টিত ছাত্ৰবৃত্তিৰ ধন লুন্ঠনত নামি পৰিছে এটা শক্তিশালী চক্ৰ।

জিলাই জিলাই সংঘটিত হৈছে ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ ঘটনা।

খােদ ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে এই কথা।

উল্লেখ্য যে ৰাজ্যত সংখ্যালঘুৰ ছাত্ৰবৃত্তিৰ নামত কমেও ৫০১ কোটিৰো অধিক টকা দুৰ্নীতি সংঘটিত হৈছে।

এই কেলেংকাৰিৰ তদন্তৰ দাবীত ইতিমধ্যে ৰাজ্যৰ বিৰােধী দল কংগ্ৰেছকে ধৰি বহু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত ঘোষণা কৰিছে চি এই ডি তদন্ত।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্তকাৰী সংস্থাটোৱে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

মমিনুল আৱালে কয় যে এই দুৰ্নীতি সন্দৰ্ভত এতিয়ালে চি আই ডি আৰু বিভিন্ন জিলা আৰক্ষী অধীক্ষকৰ ওচৰত ব’ৰ্ডৰ ফালৰ পৰা ১৭ টা অভিযোগ দিয়া হৈছে।

অভিযোগৰ ভিত্তিত কিছু লোক কৰায়ত্ত হৈছে।

উল্লেখ্য যে এই দুৰ্নীতিৰ তদন্তৰ বাবে এটি তদন্তকাৰী গোট গঠন কৰি দিবলৈ অনুৰোধ জনাই যোৱা ২৬ জুলাইত মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালক আবেদন জনাইছিল আৱালে।

এই আবেদনৰ প্ৰতি সহাঁৰি জনায় মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয় তদন্তৰ দায়িত্ব চি এই ডিক অৰ্পণ কৰিছে।