Site icon NEWS8 NE

সংসদলৈ চাইকেল চলাই গ’ল ৰিপুন বৰা!

নিউজ ডেস্ক। দেশত দৈনিক বৃদ্ধি পায় আছে অত্যাৱশ্যকীয় সামগ্ৰী। ইয়াৰ লগতে বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য।

পেট্ৰল, ডিজেলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ। তথাপিও বিশেষ গুৰুত্ব নাই চৰকাৰৰ।

বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে কৰি আহিছে প্ৰতিবাদ। তথাপিও ইয়াক আওকাণ কৰি চলিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ।

সেয়েহে এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গাত বেনাৰ ওলমাই চাইকেল চলাই প্ৰতিবাদ কৰিলে কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।

সংসদলৈ প্ৰতিবাদ কৰি চাইকেল চলাই গল সাংসদ গৰাকীয়ে। আৰু তেওঁ প্ৰতিবাদ কৰি কৈ গল যে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি কমাওক।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, “আমি বিৰোধী দলসমূহে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত আলোচনা কৰিবলৈ আবেদন জনাই আহিছো। কিন্তু তেওঁলোকে আমাৰ কথা শুনা নাই। আমি জনসাধাৰণৰ ক্ষতি হোৱা সকলো কামৰ বিৰোধীতা কৰি আহিছো। বৰ্তমান মূল্যবৃদ্ধিয়ে সকলো জনসাধাৰণক হাৰা শাস্তি ভুগাই আহিছে। সেয়েহে জনসাধাৰণৰ এজন হিচাপে মই আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছো। মই চাইকেল চলায়েই আজি সংসদলৈ যাম।”

তেওঁ লগতে কয় যে, “আমি দীৰ্ঘদিন ধৰি এই বিষয়ে আলোচনা কৰিবলৈ চৰকাৰক আবেদন জনাই আহিছো। কিন্তু তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাই। এজন সাংসদ হিচাপে যদি আমি এই বিষয় সংসদত উত্থাপন কৰিব নোৱাৰো, তেন্তে ক’ত এই বিষয় উত্থাপন কৰিম।”

Exit mobile version