Site icon NEWS8 NE

সকলাে সময়তে মবাইল ফােনত ব্যস্ত থাকে পত্নী, উপায়হীন হৈ স্বামীয়ে ল’লে এই পদক্ষেপ…

নিউজ ডেস্ক। এক আমোদজনক ঘটনা। পত্নীয়ে ফোনত কথা পাতি থকাত অসন্তুষ্ট হৈ নদীত জঁপিয়াই আত্মহত্যাৰ চেষ্টা স্বামীৰ।

অৱশ্যে পৰৱৰ্তী সময়ত ডুবাৰু বাহিনীয়ে ৰক্ষা কৰে তেওঁৰ জীৱন। সেয়েহে ডুবাৰু বাহিনীক ধন্যবাদ জনায় তেওঁ।

আত্মহত্যাৰ চেষ্টা কৰা লোকজনক ইকবাল(৩৭) বুলি চিনাক্ত কৰা হয়। এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ যোধপুৰৰ কায়লানা হ্ৰদত।

জানিব পৰা মতে, ইকবালে তেওঁৰ পত্নীয়ে ফোনত আনৰ সৈতে কথা পাতি থকাৰ বাবে বিৰক্ত হৈছিল। সেয়েহে তেওঁৰ যথেষ্ট খং উঠিছিল।

ক্ষোভিত হৈ তেওঁ কায়লানা হ্ৰদত জঁপিয়াই দিয়ে। পত্নীৰ কাৰ্যৰ বাবেই তেওঁ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল।

এই খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় ডুবাৰু বাহিনী। লগে লগে ডুবাৰু বাহিনী জঁপিয়াই পৰে তেওঁক উদ্ধাৰৰ বাবে। আৰু নিৰাপদে ৰক্ষা পৰে তেওঁৰ জীৱন।

তেওঁৰ জীৱন ৰক্ষা কৰাৰ বাবে ডুবাৰু বাহিনীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে তেওঁক লৈ যায় থানালৈ। আৰক্ষীয়ে পৰিয়ালৰ লোকক যোগাযোগ কৰি তেওঁক ঘৰলৈ পঠাই দিয়ে।

যোৱাৰ সময়ত তেওঁ থানাত আৰক্ষীক অনুৰোধ জনায় কয়, “মোৰ পত্নীক সকলো সময়তে ফোনত কথা পাতি নাথাকিবলৈ বুজাই দিয়ক।”

ভাৰপ্ৰাপ্ত সহকাৰী উপ পৰিদৰ্শক গণপতে কয় যে, শোভাৱতৰ বাসিন্দা ইকবালে তেওঁৰ পত্নীৰ দ্বাৰা বিচলিত হোৱাৰ পিছত পানীত জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল। ইকবালে টেক্সি চলায়। তেওঁৰ তিনিটা সন্তানো আছে।

Exit mobile version