সকলো কা বিৰোধী শক্তি এক হওঁক, আছু, কৃষক মুক্তিয়ে পৃথকে পৃথকে দল খুলিলে নহবঃ অখিল গগৈ !

সকলো কা বিৰোধী শক্তি এক হওঁক, আছু, কৃষক মুক্তিয়ে পৃথকে পৃথকে দল খুলিলে নহবঃ অখিল গগৈ !

September 7, 2020 0 By NEWS DESK

‘একগোট হওঁক সকলো কা বিৰোধী শক্তি।’

‘আছু, কৃষক মুক্তিয়ে পৃথকে পৃথকে দল খুলিলে নহব।’

এই গুৰুত্বপূৰ্ণ আহ্বান কৃষক নেতা অখিল গগৈৰ।

 সোমবাৰে জি এম চি এইছত দুটাকৈ স্বাস্থ্য পৰীক্ষা কৰা হয় অখিল গগৈৰ

বুকু আৰু পেটৰ বিষ ৰ লগতে ছালৰ ৰোগত আক্ৰান্ত হৈ আছে নেতাগৰাকী।

জি এম চি এইচত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি কাৰাবন্দী অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত সকলো দল-সংগঠনক এক হোৱাৰ বাবে গুৰুত্বপূৰ্ণ আহ্বান কৰে।

গগৈয়ে কয়- ‘এটা দল, এটা প্ৰতীক, এখন পতাকাৰ তললৈ সকলো আহক । নহ’লে সকলো অথলে যাব।আৰু তেতিয়া বিজেপিৰহে সুবিধা হ’ব।’

লগতে কয়- ‘ব্যক্তিগত স্বাৰ্থৰ বাবে জাতি বিপদত পৰিব পৰা সিদ্ধান্ত নল’ব। সকলো একেলগ হলে অসমৰ ৰাজনীতিত ধুমুহা হব। মই নিৰ্বাচন খেলটো ডাঙৰ কথা নহয়। কা আন্দোলন চলাই থাকিব লাগে , নহলে জাতি শেষ।’