Site icon NEWS8 NE

সকাহ! ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। অৱশেষত ভিক্টৰ দাসলৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

ভিক্টৰ দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।

আদালতে লগতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

পাণবজাৰ আৰক্ষীয়ে এই অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিব পৰা নাই বুলি দাবী কৰে।

ইয়াৰ পিছতে উৰাবাতৰি বিয়পােৱাৰ অভিযােগৰ লগতে অন্যান্য ধাৰাত গােচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক।

Exit mobile version