NEWS8 NE

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে

নিউজ ডেস্ক। সকলাে জল্পনা-কল্পনাক অন্ত পেলাই অৱশেষত ক্ৰীড়া সঞ্চালিকা সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ।

জানিব পৰা মতে, গোৱাৰ এখন হোটেলত সম্পূৰ্ণ বিবাহৰ মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়।

এই অনুষ্ঠানত দুই পক্ষৰ পৰিয়ালৰ কেইগৰাকীমান লোকৰ উপৰি পাত্ৰ-পাত্ৰীৰ ঘনিষ্ঠ কেইগৰাকীমান বন্ধু-বান্ধৱী উপস্থিত আছিল।

উল্লেখ্য, দৰা-কইনা উভয় পৰিয়ালৰ সদস্যই এই বিবাহ পৰ্বক লৈ বেছ গোপনীয়তা বজাই ৰাখিছিল যদিও কেইদিনমান আগৰ পৰা ভাৰতৰ তাৰকা পেচাৰগৰাকীৰ বিবাহক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছিল।

বিবাহ সম্পন্ন হোৱাৰ পিছতে জীৱনৰ দ্বিতীয় ইনিংছৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিলে বুমৰাহে। সেই ফটো টুইটাৰত অহাৰ লগে লগে ভাইৰেল হৈ পৰে।

টুইটাৰত বুমৰাহে লিখিছে- ‘আজিৰ দিনটো আমাৰ বাবে খুবেই প্ৰিয় তথা আনন্দৰ দিন। আমি নতুন যাত্ৰা আৰম্ভ কৰিছো। তাৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো।’

দেওবাৰে বিবাহৰ আন অনুষ্ঠানসমূহৰ উপৰি সংগীতৰ অনুষ্ঠানো আয়োজন কৰা হৈছিল। তাতো দুই পক্ষৰ প্ৰায় ২০ গৰাকীমান লোকহে উপস্থিত আছিল।

মটেৰাত গুলপীয়া বলৰ টেষ্ট খেলাৰ পিছতে ব্যক্তিগত কাৰণত দলৰ পৰা আঁতৰিছিল বুমৰাহ। কেইবছৰমান আগতে বি চি চি আইৰ এক অনুষ্ঠানত সঞ্জনাৰ সৈতে সাক্ষাৎ হৈছিল বুমৰাহৰ।

তাতে ২৭ বছৰীয়া সঞ্জনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ। কিন্তু দুয়ো এই সম্পৰ্কত অতি গোপনে ৰাখিছিল।

Exit mobile version