সন্তান জন্মৰ এপষেকৰ পিছতে চাকৰিত যোগদান IAS বিষয়াৰ!

সন্তান জন্মৰ এপষেকৰ পিছতে চাকৰিত যোগদান IAS বিষয়াৰ!

October 15, 2020 0 By NEWS DESK

ছ’চিয়েল মিডিয়াত হঠাতে চৰ্চিত হৈ পৰিল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা আই এ এছ বিষয়া।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ক’ভিড-১৯ৰ ন’ডেল বিষয়া সৌম্য পাণ্ডেই সন্তান জন্মৰ এপষেক পিছতেই চাকৰিত যোগদান কৰে।

কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি থকা উৎসৰ্গীকৃত মনোভাবৰ পৰিচয় দি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰশংসিত হৈছে এই মহিলা বিষয়াগৰাকী।

মোডীনগৰৰ এছ ডি এম পাণ্ডেই সন্তানটোক বুকুত বান্ধি কাৰ্যালয়ত উপস্থিত হয় এই বিষয়াগৰাকী।

এই প্ৰসংগত সাংবাদিকৰ আগত মন্তব্য কৰি তেওঁ কয় যে আই এ এছ বিষয়া হিচাপে তেওঁ নিজৰ কৰ্তব্যক চাবই লাগিব।

ক’ভিড-১৯ৰ বাবে সকলোৰে ওপৰত দায়িত্ব আছে আৰু সকলােৱে নিষ্ঠা সহকাৰে এই দায়িত্ব পালন কৰিছে। ভগৱানে মহিলাসকলক সন্তান জন্ম দিয়াৰ আৰু যত্ন লোৱাৰ শক্তি দিছে।