সন্ত্রাসজর্জৰিত কাশ্মীৰত প্ৰথমবাৰৰ বাবে CRPFৰ মহাপৰিদর্শকৰ দায়িত্বত মহিলা IPS বিষয়া !

সন্ত্রাসজর্জৰিত কাশ্মীৰত প্ৰথমবাৰৰ বাবে CRPFৰ মহাপৰিদর্শকৰ দায়িত্বত মহিলা IPS বিষয়া !

September 2, 2020 0 By NEWS DESK

সন্ত্রাসজর্জৰিত কাশ্মীৰত প্ৰথমবাৰৰ বাবে CRPFৰ মহাপৰিদর্শকৰ দায়িত্বত মহিলা IPS বিষয়া।

CRPF-এ কাশ্মীৰত প্রথমবাৰলৈ মহিলা IPS বিষয়া এগৰাকীক মহাপৰিদর্শক হিচাপে নিযুক্তি দিছে৷

জম্মু–কাশ্মীৰত সন্ত্রাসজর্জৰিত শ্রীনগৰ ছেক্টৰত মহাপৰিদর্শকৰ দায়িত্ব লাভ কৰিছে চাৰু সিন্হাই।

১৯৯৬ বেটচৰ তেলেংগানা কেডাৰ চাৰু সিন্হাই এই দায়িত্ব লাভ কৰাৰ পিছতে চি আৰ পি এফত মহিলা বিষয়াগৰাকীয়ে নিজৰ দক্ষতাৰ উমান দিয়াৰ সুযোগ লাভ কৰিছে৷

স্মর্তব্য যে ইয়াৰ পূর্বেও চি আৰ পি এফত বিহাৰ ছেক্টৰৰ মহাপৰিদর্শক হিচাপে দায়িত্ব পালন কৰিছিল সিন্হাই।

নক্সাল বিদ্রোহীৰ বিৰুদ্ধে অভিযানৰ সময়ত মহিলা বিষয়াগৰাকীয়ে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল৷