Site icon NEWS8 NE

সভ্য সমাজত স্থান নাই ৰেগিঙৰ! প্ৰয়োজনত বিষয়াকো গ্ৰেপ্তাৰৰ সকিয়নী DGP ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্কঃ সভ্য সমাজত স্থান নাই ৰেগিঙৰ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত পোহৰলৈ অহা কেইবাটাও ৰেগিং ঘটনাক লৈ এইবাৰ কঠোৰ সকিয়নী প্ৰদান কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

ৰেগিঙৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নী দি ডিজিপি মহন্তই কয় যে কেৱল জগৰীয়া কৰিয়েই অভিযুক্তক এৰি দিয়া নহয়।

সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে অভিযুক্তক প্ৰয়োজনত বিষয়াকো গ্ৰেপ্তাৰ কৰাৰ সকিয়নী দিয়ে।

তেওঁ কয় যে ৰেগিং কেতিয়াও সহ্য কৰা নহ’ব। ৰেগিঙক লৈ আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰিব।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।

ইতিমধ্যে এই ৰেগিং কাণ্ডৰ সৈতে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও কেইবাজনো ছাত্ৰক বহিস্কাৰ কৰিছে।

Exit mobile version