সমাজত প্ৰায়ে অৱহেলিত তৃতীয় লিংগৰ লোকও লাভ কৰিব সম্পত্তিৰ অধিকাৰ !

সমাজত প্ৰায়ে অৱহেলিত তৃতীয় লিংগৰ লোকও লাভ কৰিব সম্পত্তিৰ অধিকাৰ !

August 20, 2020 0 By NEWS DESK

সমাজত প্ৰায়ে অৱহেলিত হৈ অহা তৃতীয় লিংগৰ লোকসকলেও এতিয়াৰে পৰা লাভ কৰিব সম্পত্তিৰ অধিকাৰ।

তৃতীয় লিংগৰ লোক সকলক ন্যায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ প্ৰদেশৰ বিজেপি শাসিত ৰাজ্য চৰকাৰ।

ৰাজ্য খনৰ ৰাজহ আইনৰ সংশোধনী কৰি তৃতীয় লিংগৰ লোক সকলক সম্পত্তিৰ অধিকাৰ লাভ কৰাৰ সুবিধা দিছে।

উত্তৰ প্ৰদেশৰ ৰা্জ্যিক ন্যায় আয়োগে এই সন্দৰ্ভত চৰকাৰক দিয়া পৰামৰ্শৰ পিছতে চৰকাৰে উত্তৰ প্ৰদেশ ৰাজহ আইন,২০২০ৰ সংশোধীৰ জৰিয়তে তৃতীয় লিংগৰ লোক সকলকো মাটিৰ অধিকাৰ প্ৰদান কৰে।

উল্লেখ্য যে, আইনৰ পৰিভাষাত পুত্ৰ, কন্যা, বিবাহিত, অবিবাহিত, বিধৱা আদি শব্দ বোৰ আছে যদিও তৃতীয় লিংগৰ ব্যক্তি বুলি কোনো বিশেষ শ্ৰেণী বিভাজন কৰা নাই।

যাৰ ফলত সেই সকল লোকে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে।