সম্পত্তি বিবাদৰ ভয়ংকৰ পৰিণতিঃ পুত্ৰক হাতুৰীৰে কোবাই হত্যা কৰিলে নিজ পিতৃয়ে !

সম্পত্তি বিবাদৰ ভয়ংকৰ পৰিণতিঃ পুত্ৰক হাতুৰীৰে কোবাই হত্যা কৰিলে নিজ পিতৃয়ে !

August 14, 2020 0 By NEWS DESK

সম্পত্তি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ হত্যাকাণ্ড ।

পুত্ৰক হাতুৰীৰে কোবাই হত্যা কৰিলে নিজ পিতৃয়ে ।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হৈছে অমানৱীয় কাণ্ড ।

পুত্ৰক হত্যা কৰি আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে হত্যাকাৰী পিতৃয়ে ।

আনহাতে হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

জানিব পৰা মতে হত্যাকাৰী জনৰ নাম বীৰা ৰাজু  আৰু মৃত যুৱক জনৰ নাম জলাৰাজু ।

ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে, জলাৰজু বহি থাকোতেই পিছফালৰ পৰা হাতুৰীৰে আক্ৰমণ কৰে পিতৃয়ে । পুত্ৰৰ মুৰত হাতুৰীৰে বাৰে বাৰে প্ৰহাৰ কৰাৰ পিছত মৃত্যক সাবতি লয় জলা ৰাজুয়ে