NEWS8 NE

সলনি হ’ল আপােনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী! অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা প্ৰকাশ

নিউজ ডেস্ক। সলনি হ’ল আপােনাৰ জিলাৰা অভিভাৱক মন্ত্ৰী।

অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে সংসদীয় পৰিক্ৰমা বিভাগে।

ৰাজ্যপালৰ স্বাক্ষৰিত অভিভাৱক মন্ত্ৰীৰ নতুন তালিকাখন প্ৰকাশ কৰা হৈছে।

এই নতুন তালিকা অনুসৰি, কৃষি মন্ত্ৰী অতুল বৰাক কামৰূপ (ম), লখিমপুৰৰ দায়িত্ব প্ৰদান কৰা হৈছে।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ, মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জৰ দায়িত্ব প্ৰদান কৰা হৈছে।

একেদৰে মন্ত্ৰী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট, দক্ষিণ শালমৰা, মন্ত্ৰী পৰমল শুক্লবৈদ্যক নগাঁও আৰু হোজাইৰ দায়িত্ব প্ৰদান।

যোৰহাট, নলবাৰীৰ দায়িত্ব বিত্ত মন্ত্ৰী অজন্তা নেওগক, শিৱসাগৰ, মাজুলী, বৰপেটাৰ দায়িত্ব ডাঃ ৰণোজ পেগুক, কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব অশোক সিংহলক আৰু জয়ন্ত মল্লবৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী দায়িত্ব অৰ্পণ কৰা হৈছে।

বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক কামৰূপ আৰু দৰঙৰ দায়িত্ব প্ৰদান কৰাৰ উপৰি মন্ত্ৰী যোগেন মহনক কাৰ্বি আংলং, পঃ কাৰ্বি আংলং, ডিমা হাছাওৰ দায়িত্ব দিয়া হৈছ।

অনুৰূপ ধৰণে মন্ত্ৰী বিমল বৰাক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব প্ৰদান।

লগতে চাওকঃ

চৰণেহে জানে মৰণৰ ঠাই! মাতৃৰ শেষকৃত্যলৈ যােৱাৰ পথত দুৰ্ঘটনাত জীয়ৰীৰ মৃত্যু

Exit mobile version