সাংসদ তপন কুমাৰ গগৈৰ দেহত ধৰা পৰিছে কৰ’ণা অৱস্থিতি !

সাংসদ তপন কুমাৰ গগৈৰ দেহত ধৰা পৰিছে কৰ’ণা অৱস্থিতি !

September 3, 2020 0 By NEWS DESK

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ সাংসদ তপন কুমৰ গগৈৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

সাংসদগৰাকীয়ে নিজে ফেচবুকযোগে সদৰি কৰিছে এই তথ্য।

বৰ্তমান GMCHত ভৰ্তি কৰোৱা হৈছে সাংসদ গগৈক।

দেহত প্লাজমা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

কিছুদিনৰপৰা কাঁহ আৰু গা-বিষত আক্ৰান্ত হৈ আছিল সাংসদ তপন কুমাৰ গগৈ।

বিগত দিনকেইটাত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কৰ’ণা টেষ্ট কৰাবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে।

উল্লেখ্য বিগত দিনকেইটাত বিজেপিৰ প্ৰায়কেইখন যোগদান কাৰ্যসূচীত উপস্থিত আছিল তপন কুমাৰ গগৈ।