NEWS8 NE

সাগৰত জ্বালামুখীৰ প্ৰচণ্ড উদগীৰণ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। মাজ সাগৰত প্ৰচণ্ড বিস্ফােৰণৰ শব্দ কৰি আগ্নেগিৰিৰ উদগীৰণ। দূৰ-দূৰণিলৈ বিয়পিল এই উদগীৰণৰ ফলত সৃষ্টি হােৱা পােহৰ আৰু ধ্বনি।

আজাৰবাইজানৰ উপকূলৰ সমীপৱৰ্তী এটা তেল খাদৰ ওচৰত সংঘটিত হ’ল এই ঘটনা।

ঘটনাটো দেওবাৰে স্থানীয় সময় অনুসৰি নিশা ৯:৩০ বজাত সংঘটিত হৈছিল। যেতিয়া আজাৰবাইজানৰ ৰাজধানী বাকুৰ দক্ষিণে কাস্পিয়ান সাগৰত এক বৃহৎ বিস্ফোৰণ আৰু জুই লগাৰ দৃশ্য দেখা পোৱা গৈছিল।

তেতিয়া ডাঙৰ জুই আকাশমুখী হৈ জ্বলি থকা দেখা পোৱা গৈছিল।

স্থানীয় সংবাদ মাধ্যমত প্ৰথমতে বিস্ফোৰণটো এটা তেল খাদত সংঘটিত হৈছিল বুলি প্ৰকাশ কৰিছিল। কিন্তু ষ্টেট অইল কোম্পানীয়ে ইয়াক তাৎক্ষণিক ভাৱে অস্বীকাৰ কৰে। তেওঁলোকে কৈছিল যে তাত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই।

ইয়াৰোপৰি কোনো জাহাজত বিস্ফোৰণৰ উৰাবাতৰিও অস্বীকাৰ কৰিছিল।

দেশখনৰ ভূকম্পন সেৱাৰ সঞ্চালক গুৰবান য়েতিৰমিশ্লিয়ে সংবাদ মাধ্যমত কয়, “তেলৰ খাদ বা জাহাজত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই। এয়া পংক জ্বালামুখীৰ লক্ষণ। কাস্পিয়ান সাগৰত বহুতো পংক জ্বালামুখী আছে, সেই সমূহৰ এটা বিস্ফোৰণ হয়।”

Exit mobile version