সাগৰৰ মাজত ভস্মীভূত হ’ল ‘এপ্ৰিল ফুল’ ! #Video

সাগৰৰ মাজত ভস্মীভূত হ’ল ‘এপ্ৰিল ফুল’ ! #Video

August 29, 2020 0 By NEWS DESK

সাগৰৰ মাজত এক বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত হল ‘এপ্ৰিল ফুল’।

উল্লেখ্য যে ইটালীৰ ‘এপ্ৰিল ফুল’ নামৰ ৪৮ মিটাৰ দীঘল আৰু ১৫০ ফুট উচ্চতাৰ এখন জাহাজ মংগলবাৰে পুৱা দাউদাউকৈ জ্বলি সাগৰৰ তললৈ সোমাই যায়।

অৱশ্যে জাহাজখনৰ বৰ্তমানৰ নাম আছিল ‘Lady MM’। যাৰ মূল্য আছিল প্ৰায় ১০ লক্ষাধিক ইউৰো।

জাহাজখন যাত্ৰা কৰিছিল কাপ্ৰীৰ পৰা সৰ্দিনিয়ালৈ।

সৰ্দিনিয়া উপকূলীয় ষ্টেচনলৈ প্ৰায় ৫০ মাইল দূৰত্ব থকা অৱস্থাতে স্থানীয় সময় অনুসৰি পুৱা ৬ বজাত সংঘটিত হয় এই ঘটনাটো।

এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই তাৎক্ষণিকভাৱে এখন উদ্ধাৰকাৰী হেলিকপ্টাৰ আৰু দুখন নাও যায় জাহাজখনৰ ওচৰলৈ।

জাহাজখনত থকা ৯ জন ক্ৰু সদস্য আৰু ৮ জন কাজাখৰ লোকে নিজৰ প্ৰাণ বচাবলৈ বেগাই আহি পৰি ৰয় জাহাজ খনৰ সন্মুখত।

আটাইকেইজন কে সুকলমে পাৰলৈ আনে উদ্ধাৰকাৰী দলে।

তীখা আৰু এলুমিনিয়ামেৰে নিৰ্মিত জাহাজখন সম্পূৰ্ণ ভস্মীভূত হৈ সোমাই যায় সাগৰৰ গভীৰতালৈ।

অৱশ্যে বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ কাৰণ জনা নাই যদিও ইয়াৰ তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে এই ‘এপ্ৰিল ফুল’ ক নিৰ্মাণ কৰা হৈছিল ২০০৩ ত। যি আছিল ১৮,০০০ ইন্ধন যুক্ত গিলান কঢ়িয়াব পৰা ক্ষমতা সম্পন্ন জাহাজ।

ইয়াৰোপৰি ইয়াত আছিল অতি বিলাসী শীত তাপ নিয়ন্ত্ৰিত কোঠা, অতিথিশালা, বাথ ৰূম, শুৱনি কোঠা, একক আৰু দ্বৈত কেবিন, জিম, চেৰী আৰু ৰক্তৰাগমনি জুহাল, মুকলি মজিয়া ইত্যাদি।