সামাজিক সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপ, প্লাজ্মা দাতাক নগদ ৫ হাজাৰ টকা প্ৰদানৰ ঘােষণা

সামাজিক সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপ, প্লাজ্মা দাতাক নগদ ৫ হাজাৰ টকা প্ৰদানৰ ঘােষণা

September 9, 2020 0 By NEWS DESK

ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত গুৰুতৰভাৱে অসুস্থ ৰােগীসকলকৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্লাজ্মা থেৰাপীয়ে।

প্লাজ্মা দান কৰাৰ লােকসকলক উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগেও।

তেনে সময়তে এক ব্যতিক্ৰমী পদক্ষেপেৰে চৰ্চালৈ আহিছে ডিব্ৰুগড়ৰ এটা সামাজিক সংস্থা।

প্লাজ্মা দাতাসকলক এই সংস্থাই প্ৰদান কৰিব নগদ ৫੦੦੦ টকাৰ লগতে সম্বৰ্ধনা পত্ৰও।

ডিব্ৰুগড়ৰ অন্যতম সামাজিক সংস্থা মাৰোৱাৰী নাট্য সমিতিয়ে গ্ৰহণ কৰিছে এই বিশেষ প্ৰকল্প।

ডিব্ৰুগড় জিলা উপায়ুক্তৰ সৈতে সমিতিৰ কৰ্মকৰ্তাবৃন্দ

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগিতাৰত সমিতিয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্লাজমা বেংকত প্লাজমা দান কৰা প্লাজমা হিৰ’সকলক সম্বৰ্ধনা জনোৱাৰ বাবে লৈছে এই পদক্ষেপ লৈছে।

সেই অনুসৰি সংস্থাটোৱে অহা ১০ ছেপ্টেম্বৰৰ পৰা এ এম চি এইচত প্লাজমা দান কৰা ১০০ জন প্লাজমা হিৰ’ক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০০০ টকাকৈ নগদ ধন প্ৰদান কৰিব।