সাম্প্ৰদায়িক বুলি প্ৰমাণ কৰিলে ৰাজনীতি এৰিম! হিমন্তক প্ৰত্যাহ্বান আজমলৰ

সাম্প্ৰদায়িক বুলি প্ৰমাণ কৰিলে ৰাজনীতি এৰিম! হিমন্তক প্ৰত্যাহ্বান আজমলৰ

November 22, 2020 0 By NEWS DESK

নিউজ ডেস্ক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীক্ষ্ণ বাক্যবাণৰ সন্মুখীন হৈছে এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল।

অলপতে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক এশ শতাংশই সাম্প্ৰদায়িক বুলি কৰা মন্তব্যক জাঙুৰ খাই উঠিছে সাংসদগৰাকী।

মন্ত্ৰী শৰ্মাৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে কয় যে হিমন্তৰ মগজু নষ্ট হৈছে।

UB Photos

বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয়, ‘মোৰ ৫০ বছৰৰ ইতিহাস হিমন্তই খুচৰি চাঁওক।

মোক যদি বিজেপি তথা হিমন্তই সাম্প্ৰদায়িক বুলি প্ৰমাণ কৰিব পাৰে মই ৰাজনীতি বাদ দিম।

UB Photos

তেওঁ লগতে কয় যে মানুহক ভাগ ভাগ কৰিব বিচৰা এই দলটো তথা এই লোকসকলে ভাল ৰাজনীতি কৰিব নাজানে বাবে এনে ধৰণৰ আবোল-তাবোল কথা কৈ আছে।

মই ৰাজনীতিৰ নামত এই লেকসকলৰ দৰে তললৈ নামিব নোৱাৰো।