সােণাপুৰত আটক হ’ল মেঘায়লৰ দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী

সােণাপুৰত আটক হ’ল মেঘায়লৰ দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী

November 19, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অসম-মেঘালয়ৰ সীমান্তৱৰ্তী বনাঞ্চল সমূহত দীৰ্ঘ দিন ধৰি চােৰাং চিকাৰীয়ে বন্যপ্ৰাণীৰ নিধনযজ্ঞ অব্যাহত ৰাখিছে।

বিশেষকৈ মেঘালয়ৰ একাংশ লােকে বৈধ-অবৈধ মাৰণাস্ত্ৰৰ জৰিয়তে অবাধ হাৰত দুষ্প্ৰাপ্য বন্যপ্ৰাণী, চৰাই-চিৰিকটি নিধন কৰা সত্ত্বেও ৰাজ্যখনৰ আৰক্ষীয়ে এনে চক্ৰৰ বিৰুদ্ধে কােনাে ব্যৱস্থা হাতত লােৱা পৰিলক্ষিত হােৱা নাই।

ইপিনে, বুধবাৰে অসমৰ বন বিভাগৰ এটা দলে আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ সহযােগত মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ মেধিকুছিৰ পৰা মেঘালয়ৰ পৰা অহা দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী আটক কৰে।

জানিব পৰা মতে, সোণাপুৰ থানাৰ অন্তৰ্গত মেধিকুছিৰ এখন ধাননি পথাৰত থকা টঙিঘৰৰ পৰা আটক কৰা হয় লিংমিংথাং নুং আংণ্টে (৬৫) আৰু চভা ভাইফে (৪৭) নামৰ দুৰ্ধৰ্ষ বন্যপ্ৰাণী চোৰাং চিকাৰী দুটাক।

দুয়ােৰে ঘৰ মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত বুলি বন বিভাগে প্ৰকাশ কৰিছে।

চোৰাং চিকাৰী দুটাৰ পৰা বস্তাত ভৰাই থোৱা অৱস্থাত কেইবাটাও বান্দৰৰ কটা মাংস, দুটা এছ বি বি এল বন্দুক, ১১ জাঁই গুলী, ১৮ টা খালী কাৰ্ট্ৰিজ, দুটা ম’বাইল আৰু খুকুৰিসহ বহুকেইপদ সামগ্ৰীৰ লগতে চোৰাং চিকাৰী দুটাই ব্যৱহাৰ কৰা এম এল-০৫ ইউ-৬৭২৯ নম্বৰৰ বলেৰ’ বাহন এখনো বন বিভাগৰ লোকে জব্দ কৰে।

দুয়ােজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে বন বিভাগে।