NEWS8 NE

সাৱধান! বৰষুণৰ মাজতে ছেল্ফি লোৱাটো আপােনাৰ বাবে হ’ব পাৰে বিপজ্জনক…

নিউজ ডেস্ক। বৰ্তমান সময়ত স্মাৰ্টফোনবোৰে মানুহৰ জীৱন অতি সহজ কৰি তুলিছে। জনসাধাৰণৰ বহুতো কাম একেলগে সম্পন্ন হয় ফোনত।

আজিৰ পৃথিৱীত স্মাৰ্টফোন মানুহৰ পছন্দ আৰু প্ৰয়োজনীয়তা দুয়োটাই হৈ পৰিছে। বহুতে অৱশ্যে ফোনৰ সহায়ত তেওঁলোকৰ প্ৰয়োজনীয় কাম কৰে। কিন্তু তাৰ বিপৰীতে বহুতে ফোনৰ কেমেৰাৰে ফটো ল’বলৈহে ভাল পায় বা ব্যৱহাৰ কৰে।

ফোনৰ দ্বাৰা ছেলফি লোৱাটোও আজিকালি এক প্ৰৱণতা। কিন্তু ছেলফি লোৱাৰ সময়ত বহুলোকে প্ৰাণ হেৰুওৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়।

বহুতৰ নদীৰ কাষত ছেলফি লৈ মৃত্যু হয়। আৰু বহুতৰ বৰষুণত ছেলফি লৈ মৃত্যু হয়। ইয়াৰোপৰি মোবাইল ফোনৰ বাবে মৃত্যু হোৱাৰ আছে বহুতো কাৰণ। ততসত্ত্বেও কোনোৱে নলয় সাৱধানতা।

আপুনি জানেনে যে বৰষুণ আৰু বজ্ৰপাতত ছেলফি ল’লে আপুনি আপোনাৰ জীৱন যে হেৰুৱাব পাৰে? বৰষুণত ছেলফি লোৱাটো বিপদজনক হ’ব পাৰে। দৰাচলতে মোবাইল বিস্ফোৰণৰ এটা কাৰণ হৈছে মহাকাশীয় বিদ্যুত।

বৰষুণ আৰু বজ্ৰপাতৰ উজ্জ্বলতাই স্মাৰ্টফোনটোক বোমাৰ দৰে বিপদজনক আৰু বিস্ফোৰক কৰি তোলে। সাধাৰণতে মোবাইল ফোনৰ বিদ্যুত চুম্বকীয় ক্ষেত্ৰই অধিক মহাকাশীয় বিদ্যুত আকৰ্ষণ কৰে। যি বজ্ৰপাতৰ আশংকা বৃদ্ধি কৰে।

বিশেষজ্ঞসকলৰ মতে, যদি কোনোৱে বৰষুণ বা বজ্ৰপাতৰ সময়ত এটা ফোন ব্যৱহাৰ কৰি আছে বা মুকলি ঠাইত ছেলফি লৈ আছে, তেন্তে বজ্ৰপাত হোৱাৰ আশংকা সৰ্বাধিক।

এক প্ৰতিবেদনত এইটোও প্ৰকাশ পায় যে বৰষুণ বা বজ্ৰপাতৰ সময়ছোৱাত ফোনটো বন্ধ হৈ থাকিলেও ই এক ভাবুকিস্বৰূপ হৈ থাকে। কাৰণ ফোনত বিদ্যুত চুম্বকীয় তৰংগ থাকে, যিয়ে বিদ্যুত আকৰ্ষণ কৰে।

শেহতীয়াকৈ ৰাজস্থানৰ জয়পুৰত এনে এটা ঘটনা পোহৰলৈ আহিছে। দেওবাৰে ধাৰাষাৰ বৰষুণৰ মাজত আমেৰ মহলত নিৰ্মিত ঘড়ী স্তম্ভত বজ্ৰপাত হৈছিল।

ইয়াৰ দ্বাৰা ৩৫ জনতকৈও অধিক পৰ্যটক আঘাতপ্ৰাপ্ত তথা মৃত্যু হৈছিল। খবৰ অনুসৰি , প্ৰচণ্ড বৰষুণৰ সময়ত তেওঁলোক সকলোৱে ফোনত ছেলফি লৈ আছিল। তাৰ পিছত হঠাতে বজ্ৰপাতে তেওঁলোকক আঘাত কৰে।

এই ঘটনাত ১১ জনকৈ পৰ্যটকৰ শােকাৱহ মৃত্যু ঘটে।

Exit mobile version