সীমান্তত ভাৰতীয় সেনাই নতুনকৈ সাজি দিলে যুদ্ধত নিহত হোৱা পাক সেনাৰ জহি-খহি যোৱা কবৰ!

সীমান্তত ভাৰতীয় সেনাই নতুনকৈ সাজি দিলে যুদ্ধত নিহত হোৱা পাক সেনাৰ জহি-খহি যোৱা কবৰ!

October 16, 2020 0 By NEWS DESK

পুনৰ এবৰা সীমান্তত মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে ভাৰতীয় সেনাই।

সীমান্তত ভাৰতীয় সেনাই নতুনকৈ সাজি দিলে যুদ্ধত নিহত হোৱা পাক সেনা বিষয়াৰ জহি-খহি যোৱা কবৰ।

Image

ভাৰতীয় সেনাই কাশ্মীৰৰ পাক-ভাৰত সীমান্তত ১৯৭২ চনত ভাৰতৰে হোৱা যুদ্ধত নিহত এগৰাকী পাকিস্তানৰ সেনা বিষয়াৰ কবৰ মেৰামতি কৰি নতুনকৈ সজাই তোলা ঘটনাৰ পাছতে বিশ্বজুৰি প্ৰশংসিত হৈছে ভাৰতীয় সেনা।

আনকি ভাৰতীয় সেনাৰ গুলীতে নিহত হোৱা এগৰাকী পাক সেনা বিষয়াৰ প্ৰতি ভাৰতীয় সেনাৰ সন্মান প্ৰদৰ্শনত পাক সেনাও আচৰিত হৈছে।

উল্লেখ্য ১৯৭২ চনৰ ৫ মে’ৰ বিয়লি ৪.৩০ বজাত ভাৰতীয় সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছিল পাক সেনাৰ বিষয়া মেজৰ মহম্মদ ছাবিৰ খান।

তাৰ পাছতেই পাক সেনা বিষয়া গৰাকীক ভাৰতৰ মাটিতে কবৰ দিয়া হৈছিল।

কিন্তু সময়ৰ লগে লগে সেই কবৰ জহি খহি যোৱাত ভাৰতীয় সেনাৰ চিনাৰ কৰ্পচে শেহতীয়াকৈ পুনৰ সেই কবৰ নতুন ৰূপত সজাই তুলিছে।