সীমান্তত যুদ্ধৰ দামামা! ১৯৭৫চনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰত-চীন সীমান্তত গুলীচালনা…

সীমান্তত যুদ্ধৰ দামামা! ১৯৭৫চনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰত-চীন সীমান্তত গুলীচালনা…

September 8, 2020 0 By NEWS DESK

সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষই এইবাৰ লৈছে চূড়ান্ত ৰূপ।

ইষ্টাৰ্ণ লাডাখৰ এলএচি (Line of Actual Control)ত সংঘটিত হৈছে গুলীবৰ্ষণৰ ঘটনা।

ভাৰত আৰু চীনৰ সৈন্য দীৰ্ঘদিনে সক্ৰিয় হৈ থকা অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চীনে দাবী কৰিছে যে, ভাৰতীয় সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি গুলীচালনা কৰিছে।

চীনৰ দাবী যে ৱাৰ্ণং শ্বট হিচাপে সেই গুলীচালনা কৰা হৈছে।

 চীনৰ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ড কৰ্ণেল ঝাং ছিউলিয়ে অভিযোগ কৰা অনুসৰি কেৱল গুলীচালনাই নহয় দেশখনৰ সেনাকো দিয়া হৈছে ভাবুকি।

অৱশ্যে এই সম্পৰ্কত এতিয়াও পোহৰলৈ অহা নাই অধিক তথ্য।

১৯৭৫চনৰ পাছত প্ৰথমবাৰৰ বাবে এইদৰে ভাৰত-চীন সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

সম্পূৰ্ণ ৪৫ বছৰৰ পাছত এইদৰে এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে সীমান্তত।

উল্লেখ্য যে, এপ্ৰিল-মে’ মাহৰ পৰা ভাৰত-চীনৰ মাজত সংঘৰ্ষ অব্যাহত আছে।

সামৰিক তথা কূটনৈতিক পৰ্যায়ত দুয়োপক্ষই পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ কথা কৈছে যদিও বাস্তৱত সেয়া হৈ উঠা নাই।

বাৰে বাৰে বৈঠক সফল নোহোৱাৰ লগতে চীনৰ সেনাই সীমান্তৰ কাষত অৱস্থান কৰি প্ৰৰোচনামূলক কাৰ্যতহে লিপ্ত হৈছে।