সীমান্ত উত্তেজনাৰ মাজতেই ২ দিনৰ ভ্ৰমণসূচীৰে লাদাখত উপস্থিত সেনাপ্রধান নৰৱানে !

সীমান্ত উত্তেজনাৰ মাজতেই ২ দিনৰ ভ্ৰমণসূচীৰে লাদাখত উপস্থিত সেনাপ্রধান নৰৱানে !

September 3, 2020 0 By NEWS DESK

চীন-ভাৰত সীমান্তত উত্তেজনাৰ মাজতেই ২ দিনৰ লাদাখ ভ্ৰমণত সেনাপ্রধান জেনেৰেল এমএম নৰৱানে।

ৰঙা চীনৰ সেনাই লাডাখত যুদ্ধ সদৃশ পৰিবেশৰ পৰিস্থিতিত চীনৰ আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ ভাৰতীয় সেনা কিমান সাজু তাৰেই খবৰ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত ভাৰতীয় সেনাৰ মুৰব্বী এম এম নৰৱানেই।

দুপৰীয়াৰ ভাগত সেনা প্ৰধান গৰাকীয়ে লেহত গৈ উপস্থিত হৈ সেনাৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়।

পূর্ব লাদাখৰ পেংগং লেকৰ দক্ষিণ প্রান্তত অৱস্থিত গুৰুত্বপূর্ণ অঞ্চলৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভতো পৰ্যব্যক্ষণ কৰিব সেনা প্ৰধান গৰাকীয়ে।

উল্লেখ্য যে, ১৫ জুনৰ দিনা লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই চলোৱা আক্ৰমণত ২০ জন ভাৰতীয় জোৱান ছহিদ হৈছিল।