সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত অসমীয়াতে শোক ব্যক্ত গৃহমন্ত্ৰী অমিত শ্বাহৰ !

সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত অসমীয়াতে শোক ব্যক্ত গৃহমন্ত্ৰী অমিত শ্বাহৰ !

August 27, 2020 0 By NEWS DESK

বহুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত বৃহস্পতিবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে।

নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।

বহু কালজয়ী গীতত কণ্ঠ নিগৰোৱা অৰ্চনা মহন্তৰ বিয়োগত শোকবিহ্বল সমগ্ৰ ৰাজ্যবাসী।

অসংখ্য অনুৰাগীক শোক সাগৰত পেলাই ঞ্চভূতত বিলীন হ’ল অৰ্চনা মহন্ত।

শিল্পী অৰ্চনা মহন্তৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

অসমীয়াতে টুইটাৰযোগে শ্বাহে শোক ব্যক্ত কৰি লিখিছে-‘যশস্বী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত দুঃখিত হৈছোঁ। তেখেতে আছিল অসমৰ লোকসংগীতৰ এগৰাকী প্ৰখ্যাত শিল্পী। তেখেতৰ অমিয়া কণ্ঠই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাক সদায়েই মন্ত্ৰমুগ্ধ কৰি ৰাখিব। এই শোকৰ মুহূৰ্তত অৰ্চনা মহন্তৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি।