Site icon NEWS8 NE

সুখবৰ! পুৰণি শৰাইঘাট দলঙৰ সমীপতে ব্ৰহ্মপুত্ৰৰ ওপৰত ৯৯৬ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব আন এখন দলং…

নিউজ ডেস্কঃ পুৰণি শৰাইঘাট দলঙৰ সমীপতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ’ব আন এখন দলং।

এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ।

অসমৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰা হ’ব দলংখন।

ৰে’ল আৰু যান-বাহনৰ বাবে দুই তৰপীয়াকৈ নিৰ্মাণ কৰা হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন।

দলংখন নিৰ্মাণৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে ৯৯৬.৭৫ কোটি টকা।

এনএইএছএআই আৰু ৰে’ল মন্ত্ৰণালয়ে যুটীয়াভাৱে নিৰ্মাণ কৰিব এই দলংখন।

দলংখনৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ব্যয় কৰিব ৩২২ কোটি টকা।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে টুুইটযোগে সদৰী কৰা মতে, এই দলংখন নিৰ্মাণৰ ফলত অধিক সুচল হ’ব ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ যাতায়ত।

Exit mobile version