সুধাকণ্ঠৰ কাজিৰঙাৰ কুঠৰীৰ বাসগৃহ নতুনকৈ সাজি দিয়াৰ দায়িত্ব ল’লে বদৰুদ্দিন আজমলে !

সুধাকণ্ঠৰ কাজিৰঙাৰ কুঠৰীৰ বাসগৃহ নতুনকৈ সাজি দিয়াৰ দায়িত্ব ল’লে বদৰুদ্দিন আজমলে !

September 9, 2020 0 By NEWS DESK

সুধাকণ্ঠৰ মৰমৰ কলিয়াবৰৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙাৰ কুঠৰীৰ বাসগৃহ।

কাজিৰঙাক প্ৰাণভৰি ভালপোৱা হেতুকে কুঠৰীত সুধাকণ্ঠই নিৰ্মাণ কৰিছিল এটা বাসগৃহ।

পিছে সুধাকণ্ঠ কায়িকভাৱে আঁতৰি যোৱাৰ পিছতে এই ঘৰটোৰ যতন লোৱাৰো আহৰি নোহোৱা হ’ল কাৰোৰে।

লাহে লাহে এসময়ৰ সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ এলাগী হৈ পৰিল।

ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাক সেই বিশেষ ঘৰটোৰ যতন লোৱাৰ।

সৰ্বানন্দ সোণোৱাল চৰকাৰে সুধাকণ্ঠৰ গৃহটো মাজুলীত হোৱা বিশেষ অধিবেশনত সংৰক্ষণৰ বাবে প্ৰস্থাৱ গ্ৰহণ কৰিছিল যদিও আজি চাৰি বছৰেও কাৰ্যকৰী নহ’ল।

ভূপেন দাই কুঠৰীৰ বাসগৃহৰ যি খন বিচনাত বহি কেইবাটাও কালজয়ী গীত ৰচনা কৰিছিল সেই বিচনা খনৰো সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ লগতে এজাক বৰষুণ দিলেই ঘৰটোৰ ভিতৰত পানীৰে উপঙি পৰে।

কিন্তু ড০ ভূপেন হাজৰিকাৰ ৯৪সংখ্যক ওপজা দিনটোত সুধাকণ্ঠৰ কুঠৰীৰ গৃহ মেৰামতি কৰাৰ দায়িত্ব ল’লে এআইডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে।

আজমলে নিজা খৰচত অতি শীঘ্ৰে সুধাকণ্ঠৰ বাসগৃহ মেৰামতি কৰাৰ সিদ্ধান্তৰ কথা জনোৱাৰ পিছতে দলটোৰ মুখপাত্ৰ চম্পক কলিতাই এই বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।

সেই অনুসৰি আজি পুৱা ১১বজাত অভিযন্তাসহ এআইইউডিএফৰ নেতৃবৰ্গ উপস্থিত হ’বগৈ কাজিৰঙাৰ কুঠৰীত।