Site icon NEWS8 NE

সুধাকণ্ঠৰ গীতৰ দৰেই ক’লে মুখ্যমন্ত্ৰীয়ে- কাৰোবাৰ বগা তেজ ওলাব নেকি? কিন্তু কিয়….

নিউজ ডেস্কঃ এটা মৃতদেহে দুটা ভাগত বিভক্ত কৰিছে অসমীয়া সমাজখনক! সামাজিক সংকীৰ্ণতাৰ বলি হৈ মৃত্যুৰ পিছতো দাহ-সংস্কাৰৰ পৰা বঞ্চিত হোৱা মঙলদৈৰ অতুল শৰ্মাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত এতিয়া দুটা ভাগত বিভক্ত হোৱা এখন সমাজৰ মাজতে আৰম্ভ হৈছে শীতল যুদ্ধ।

ইয়াৰ পিছতে মঙলদৈৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ‘মোক এজন বগা মানুহ দিয়া’ শীৰ্ষক গীতৰ দৰেই এইবাৰ মুখ্যমন্ত্ৰী শৰ্মাই কয়- কাৰো তেজ বগা নহয়।

মঙলদৈৰ পাটালসিং পাৰাত সংঘটিত ঘটনাটোৱে ৰাজ্যত এনে ধৰণৰ অন্তিমটো ঘটনা হওক বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মোক কাটিলেও মোৰ পৰা তেজ ৰঙায়ে ওলাব, কাৰোবাৰ কি বগা ওলাব নেকি? মঙলদৈৰ গাঁওখনৰ ঘটনাই অসমৰ সকলোকে বিচলিত কৰিছে।’

উল্লেখ্য যে, অসবৰ্ণ বিবাহ কৰাৰ বাবে ২৭ বছৰ ধৰি ব্ৰাহ্মণ সমাজৰ পৰা উপেক্ষিত হৈ অহা পাটালসিং পাৰাৰ গণক চুবাৰ অতুল শৰ্মাৰ মৃত্যুৰ পিছতো তেওঁৰ দাহ-সৎকাৰ কৰিবলৈ সন্মত হোৱা নাছিল গাঁওবাসী। যাৰ বাবে নৈৰ পাৰত পুতি থ’বলগীয়া হৈছিল অতুল শৰ্মাৰ মৃতদেহ।

এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত অৱশেষত আজি অতুল শৰ্মাৰ বাসগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ক্ষমা বিচাৰে গাঁওবাসীয়ে। লগতে মৃতকৰ দহা-সকাম আদি সকলোতে সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে গাঁওবাসীয়ে।

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত পলমকৈ হ’লেও প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘উচ্চ আৰু নীচ জাতিৰ পৰম্পৰাই আমাৰ জাতিটোক আগুৱাই লৈ যাব নোৱাৰে। মঙলদৈৰ গণক চুবাৰ ঘটনাই যাতে অন্তিমটো ঘটনা হয়। অসমত যাতে কেতিয়াও এই ধৰণৰ ঘটনা নহয়, তাৰ বাবে আমি সজাগ হ’ব লাগিব।’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘আজি অসমৰ চাৰিওফালে প্ৰগতিৰ বিপ্লৱ আৰম্ভ হৈছে। কিন্তু প্ৰগতিৰ বিপ্লৱৰ মাজতো মানুহে মানৱীয় গুণসমূহ হেৰুৱাব নালাগে। কাৰণ মানৱীয় গুণসমূহে মানুহক উজ্বলাই ৰাখে। মানৱীয় প্ৰমূল্যবোধে মানুহক জাকত জিলিকা কৰি ৰাখে।’

Exit mobile version