NEWS8 NE

সুৰাৰ নিচাত নিজৰ থানাৰ গাড়ী চালককে আক্ৰমণ অ’চি চাহাবৰ! কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্কঃ আৰক্ষীৰ ওপৰতে আৰক্ষীৰ গুণ্ডাগিৰিৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ গোলাঘাটত। মঙলবাৰে নিজৰে থানাৰ গাড়ী চালকক সুৰাৰ নিচাত আক্ৰমণ কৰে ভাৰপ্ৰাপ্ত বিষয়াই। ঘটনাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অভিযুক্ত অ’চি ৰাজেশ্বৰ গগৈক।

উল্লেখ্য যে, মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্য সম্পাদন কৰি থকা ঘিলাধাৰী আৰক্ষী থানাৰ গাড়ী চালক পাপু সোণোৱালক মদৰ নিচাত আক্ৰমণ কৰে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে।

সুৰাসক্ত হৈ গাড়ী চালকজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা অ’চি জনক পৰিস্থিতি বিষম হোৱাৰ পূৰ্বে বুজাবলৈ যাওতেই ক্ষুণ্ণ হৈ পৰা অচি ৰাজেশ্বৰ গগৈয়ে আক্ৰমণ কৰে। যাৰ ফলত গুৰুতৰভাৱে আহত হয় গাড়ী চালক পাপু সোণোৱাল।

আনহাতে ইমানতে ক্ষান্ত নাথাকি পাপু সোণোৱালক চোঁচোৰাই থানালৈ নি লকআপত ভৰাই গুণ্ডাগিৰিও জাহিৰ কৰে নিচাসক্ত অ’চি ৰাজেশ্বৰ গগৈয়ে।

এই ঘটনাৰ সময়ত আঠখেলীয়া নামঘৰৰ সন্মুখতে পৰি ৰয় সুৰাপান কৰি গুণ্ডাগিৰি কৰা অ’চি ৰাজেশ্বৰ গগৈৰ বেচ আৰু নাম প্লেট।

ঘটনা পোহৰলৈ অহাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অভিযুক্ত অ’চি ৰাজেশ্বৰ গগৈক।

Exit mobile version